Breaking

কুমাৰীকাটাত কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা

0 1,559

তামুলপুৰ জিলাৰ অন্যতম শিক্ষাৰ প্ৰাণকেন্দ্ৰ কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰৰ সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কীৰ্তিমান সকলক আজি আনুষ্ঠানিক ভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ৷ কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক চিনাকান্ত বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্দ্ধনা সভাত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰিৰাম উপাধ্যায় ,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গিৰিধৰ কলিতা , অৱসৰী বিষয় শিক্ষক মহম্মদ আব্দুল আলী, বিষয় শিক্ষক ললিত শৰ্মা, সহ বিজ্ঞান শিক্ষক মহিম আলী, দৰংগাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিৎ গৗৰা নাৰ্জাৰী ৷ শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ হিতেশ বায়নে আদৰণী ভাষণ দি কয় যে তোমালোকে সদায় শাৰিৰীক মানসিক আৰু বৌদ্ধিক শিক্ষাৰে শিক্ষিত হৈ নিজক এগৰাকী ভাল মানুহ হিচাবে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়। অধ্যয়নৰ প্ৰতি স্পৃহা ৰাখিলেহে অনাগত দিনত ভাল ফল পাব বুলি তেওঁ মন্তব্য কৰে৷

দৰংগাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিৎ গৗৰা নাৰ্জাৰীয়ে নিজৰ ভাষন ত কয় যে – বৰ্তমান চৰকাৰী বিদ্যালয় সমুহেও যথেষ্ঠ সুনাম কৰিবলৈ সক্ষম হৈছে। চৰকাৰী বিদ্যালয় সমুহৰ ছাত্ৰ -ছাত্ৰী সকলৰ সুবিধাৰ্থে চৰকাৰে সকলো প্ৰকাৰৰ সু-ব্যৱস্থা কৰি দিছে। গতিকে ছাত্ৰ -ছাত্ৰী সকলে নিজৰ ভবিষ্যতৰ কাৰণে চিন্তা কৰি এতিয়াৰ পৰাই শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ ছাত্ৰ -ছাত্ৰী সকললৈ আহ্বান জনায় ৷তেওঁ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰী সকললৈ পাঁচ হাজাৰ টকাকৈ দিব বুলিও এই সম্বৰ্দ্ধন সভাত ঘোষণা কৰে।

বিষয় শিক্ষক গোপেন মজুমদাৰে আঁত ধৰা সভাখনত শিক্ষানুষ্ঠান খনৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতিমান সকলক কলম ফুলাম গামোচা আৰু ফাইলকোভাৰেৰে সম্বৰ্দ্ধনা জনোৱা হয় ।

Leave A Reply