বৰপেটা আৰক্ষীৰ তৎপৰতাত জব্দ কৰিলে বৃহৎ পৰিমানৰ বিলাতী সুৰা, বিয়েৰ আৰু দেশীয় চুলাই ৷ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সুৰা নিষিদ্ধ চহৰ বৰপেটাত ক্ৰমাৎ বৃদ্ধি পাইছে সুৰাৰ অবৈধ ব্যৱসায় ৷ সুৰানিষিদ্ধ বৰপেটা চহৰত সুৰাৰ ব্যৱসায় বন্ধৰ বাবে আৰক্ষীৰ ব্যাপক তৎপৰতা।
বৰপেটাৰ সদৰ ডিএছপি সমুদ্ৰদপ্তৰ বৰুৱাৰ নেতৃত্বত বৰপেটাত বৃহৎ পৰিমানৰ সুৰা জব্দ কৰাৰ লগতে এজন সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ ৷ধৃত সুৰা ব্যৱসায়ীটো জিতু নাথ ৷ সুৰা ব্যৱসায়ৰ অভিযোগত পূৰ্বেও কেবাবাৰো জেললৈ যোৱা জিতু নাথৰ ঘৰৰ পৰা ৫৫০ টা দেশত নিৰ্মিত বিলাতী সুৰা আৰু বিয়েৰৰ বটল জব্দ কৰে আৰক্ষীয়ে।
আনহাতে আৰক্ষীয়ে বৃহৎ পৰিমানৰ চুলাই মদ জব্দ কৰি নষ্ট কৰি পেলায় ৷সত্ৰনগৰী বৰপেটাক সুৰামুক্ত কৰাৰ বাবে বৰপেটা আৰক্ষীয়ে গিৰহন কৰা ব্যাপক তালাচী অভিযানক আদৰনি জনাইছে ৰাইজে ৷

