বৰপেটা জিলাৰ নতুন উপায়ুক্তৰূপে আই এ এছ বিষয়া আয়ুস গাৰ্গৰ কাৰ্যভাৰ গ্ৰহণ৷আজি পূৰ্বৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে নতুন উপায়ুক্তগৰাকীয়ে৷কাৰ্যভাৰ গ্ৰহণ কৰিয়েই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ নতুন উপায়ুক্তগৰাকীৰ৷বৰপেটা আৱৰ্ত ভৱনৰ সন্মুখৰ মিলেনিয়াম পাৰ্কত গছপুলি ৰোপণ কৰে নতুন উপায়ুক্তগৰাকীয়ে৷উল্লেখ্য যে ১৭ জুলাইৰ পৰা ৰাজ্যত আৰম্ভ হৈছে ‘মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক বৃক্ষ ৰোপণ কাৰ্যসূচী৷’

আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপে অহা ১৫ আগষ্টলৈকে ৰাজ্যজুৰি এই কাৰ্যসূচীৰ জৰিয়তে বৃক্ষ ৰোপণ কৰা হ’ব৷বৰপেটা জিলাত আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷মিলেনিয়াম পাৰ্কত গছপুলি ৰোপণেৰে পূৰ্বৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সহযোগত মুখ্যমন্ত্ৰীৰ বিশেষ বৃক্ষ ৰোপণ কাৰ্যসূচী উদ্বোধন কৰে জিলাখনৰ নতুন উপায়ুক্ত আয়ুস গাৰ্গে৷
ইপিনে নতুন উপায়ুক্তৰূপে দায়িত্বভাৰ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ জৰিয়তে জিলাবাসী ৰাইজক নমস্কাৰ জনায় আয়ুস গাৰ্গে৷জিলাখনৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত প্ৰতিটো কামতে ৰাইজৰ সহযোগ কামনা কৰে নতুন উপায়ুক্তগৰাকীয়ে৷
বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন

