দক্ষিণ বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদকৰ বিৰুদ্ধে আমছুৰ দূৰ্নীতিৰ অভিযোগ।দুখীয়াৰ মুখৰ চাউল কাঢ়ি খাইছে সমবায় সমিতিয়ে৷বৰপেটাৰ দক্ষিন বগুৰীবাৰী সমবায় সমিতিৰ সভাপতি সম্পাদকে কাঢ়ি খাইছে দুখীয়া হিতাধিকাৰীৰ মুখৰ চাউল৷আমছুৰ দক্ষিণ বৰপেটা সমিতিয়ে আজি বৰপেটা প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সমবায় সমিতিখনত সংঘটিত হৈ অহা কেতবোৰ দূৰ্নীতি অনিয়মৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীক ব্যৱস্থা গ্ৰহনৰ আহ্বান জনায়৷

সংবাদমেলত দক্ষিণ বৰপেটা আমছুৱে তোলা অভিযোগ অনুসৰি চলিত জুন আৰু জুলাই মাহত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আচনিৰ জৰিয়তে দুখীয়া লোকে লাভ কৰিব লগা অন্ন সুৰক্ষা যোজনাৰ চাউল হিতাধিকাৰীক বিতৰণ নকৰি সমুদায় চাউল আত্মসাৎ কৰা বুলি দক্ষিণ বগুৰীবাৰী সমবায় সমিতৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে অভিযোগ তোলে আমছুৱে৷বৰপেটাৰ চেঙা সমষ্টিৰ চৰাঞ্চালৰ দক্ষিণ বগুৰীবাৰী সমবায় সমিতিয়ে দুখীয়া লোকৰ বাবে আৱন্টিত অন্ন সুৰক্ষা যোজনাৰ চাউল হিতাধিকাৰীক বিতৰণৰ পৰিৱৰ্তে প্ৰায়ে চোৰাং ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰা বুলি অভিযোগ তোলাৰ লগতে প্ৰায় ১৫ দিন পূৰ্বে বগুৰীবাৰী সমবায় সমিতিৰ সম্পাদক সেখ আব্দুল্লা ওৱাহিদীয়ে কলা বজাৰত বিক্ৰী কৰাৰ বাবে ২৮০ কুইন্টল চাউল কাছুমাৰা থানাৰ আৰক্ষীয়ে জব্দ কৰাৰ কথাও উল্লেখ কৰে৷
লক্ষ্যণীয়ভাৱে সমবায় সমিতিৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে কাছুমাৰা থানাত ( Case No. 19/2022) গোচৰ ৰুজু হৈছে যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি নিৰ্ভয়ে দম্ভালি মাৰি ফুৰিছে৷দুখীয়াৰ চাউল কাঢ়ি খোৱাৰ লগতে সমবায় সমিতিখনখনৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন পিচতো বিভাগীয় কৰ্তৃপক্ষই সমবায় সমিতিখনৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আমছুৰ৷
এইক্ষেত্ৰত সমবায় সমিতিখনত সংঘটিত দূৰ্নীতি সন্দৰ্ভত যোগান মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি আজি আমছুৱে সংবাদ মেল সম্বোধন কৰি ব্যৱস্থাগ্ৰহনৰ দাবী তুলিছে সংগঠনটোৱে৷
বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন

