গৌৰীপুৰৰ আলমগঞ্জত দেশী জনগোষ্ঠী মজদুৰ সংঘৰ হাতে – হাতে বেনাৰ — পোষ্টাৰলৈ ১৭ নং ৰাষ্ট্ৰীয়ঘাই পথৰে পদ যাএা ৷
ৰাজ্যখনৰ শাসকীয় বিজেপি চৰকাৰে যোৱা ৫ জুলাই ইং তাৰিখত ৫টাকৈ জনগোষ্ঠীক দেশী খিলঞ্জীয়া মুছলমান হিছাপে কেবিনেটত পাছ কৰি অনুমোদন দিয়ে৷

চৰকাৰে সেই অনুমোদন দিয়াত যোৱা কেইদিন ধৰি নামনি অসমৰ বিভিন্ন স্হানত আনান্দ -উল্লাস পালন কৰা পৰিলক্ষিত হৈছে ৷
ইপিনে আজি গৌৰীপুৰৰ আলমগঞ্জত দেশী জনগোষ্ঠীৰ লোক সকলে নানাধৰনৰ নাচ -গান আৰু নৃত্যৰে উখলমাখলৰে পদ যাএা পালন কৰে ৷
ইপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দেশী জনগোষ্ঠীৰ লোকসকলে ধন্যবাদ জ্ঞাপন কৰে৷
গৌৰীপুৰৰ পৰা ওমৰ ফাৰুক সেখৰ প্ৰতিবেদন

