টিএমপিকে-এমএমকে,টি এম এম কেৰ ব্ৰহ্মপুত্ৰ আঞ্চলিকৰ উদ্যোগত আৰম্ভ হোৱা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ সফল সামৰণি পৰে
চলিত গ্ৰীষ্মকালীন বিদ্যালয় বন্ধৰ প্ৰতি সংগতি ৰাখি ব্ৰহ্মপুত্ৰ আঞ্চলিক টিএমপিকে আৰু এমএমকেৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ সহযোগত যোৱা ৪ জুলাই, ২০২২ তাৰিখৰ পৰা দেৰগাঁও ব্ৰহ্মপুত্ৰৰ খকন্দগুৰি মধ্য ইংৰাজী বিদ্যালয়ত বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীৰ আজি সফল সামৰণি পৰে।
প্ৰায় ২০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই পাঠদান কাৰ্যসূচীত পাঠ্যপুথিৰ শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ সংগীত, খেল আদিৰ প্ৰতিও আগ্ৰহী কৰি তোলাৰ লগতে কেৰিয়াৰ কাউন্সেলিং সন্দৰ্ভতো পাঠদানৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে। উক্ত অনুষ্ঠানত TMPK, MMK TMMK ৰ সকলো বিষয় ববিয়া উপস্থিত থাকি সহযোগিতা আগবঢ়াই ।
লগতে অনুষ্ঠানটিৰ পৰা ব্ৰহ্মপুত্ৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকল উপকৃত কৰিছে বুলি আশা প্ৰকাশ কৰিছে উদ্যোগতা সকলে।