দৈনন্দিন বাৰ্তা ডেস্ক : এজনী চৰায়ে ছুইচ ব’ৰ্ডত বাহ সাজি লৈছে৷ তাতে আছে চৰাইজনীৰ কণী ৷ এই চৰাইজনীৰ লগতে কণীকেইটা বচাই ৰাখিবৰ বাবে গোটেই গাঁওখনৰ ৰাইজে ৩৫ দিন অন্ধকাৰতে থাকিল ৷ কোনেও আন্ধাৰত ঘৰ আলোকিত নকৰিলে ৷ যিসময়ত ভাৰতত হাতী, কুকুৰ, গৰু আদি এচামে নিধন কৰি আহিছে সেই সময়তে মানৱীয়তাৰ পৰিচয় দাঙি ধৰিলে এখন গাঁৱৰ ৰাইজে ৷ তামিলনাডুৰ শিৱগংগা জিলাৰ পোটাহকুদিৰ এখন গাঁৱৰ ৰাইজে দেখুৱালে এই মানৱীয়তাৰ নিদৰ্শন ৷ লকডাউন মাজতে ঘটি যায় এই ঘটনাটো৷ গাঁওখনৰ এটা মেইন ছুইচৰ ওপৰত বাহ সাজে এজনী চৰায়ে৷ প্ৰথমে এই দৃশ্য চকুত পৰে ২০ বছৰীয়া কলেজীয়া ছাত্ৰ কাৰুপ্পুৰাজাৰ ৷ তেওঁ গাঁৱৰ সকলোকে কথাটো জনায়৷ ইয়াৰ পাছত গাঁওবাসীয়ে মিলি সিদ্ধান্ত লয় যে চৰাইজনীৰ কণী ফুটি পোৱালি নোলোৱা পৰ্যন্ত গাঁৱৰ কোনেও লাইট নজ্বলায়৷ ৰাইজে সিদ্ধান্ত মতে কাম কৰিলে ৷ চৰাইজনীৰ লগতে পোৱালিকেইটাক বচাবৰ বাবে এই ভৰ বাৰিষা পিছল ৰাস্তাত আন্ধাৰত চলাফুৰা কৰিলে গাঁওবাসীয়ে৷ গাঁওখনত মুঠ ১০০ টা পৰিয়াল আছে ৷ উল্লেখ্য যে প্ৰথমে সকলো একেষাৰে সন্মত হোৱা নাছিল ৷ লাহে লাহে বুজোৱা হয় সকলোকে৷ চৰাইজনীৰ পোৱালিকেইটা বচাবৰ বাবে অন্ধকাৰত চলাচল কৰিবলৈ সকলো সন্মত হয় ৷ ইয়াৰ লগতে গাঁৱৰ যুৱক-যুৱতীক তেওঁলোকে অনুৰোধ কৰে ৷ পোৱালি আৰু কণীৰ কেতবোৰ ছবি তুলি কাৰুপ্পুৰাজাই স্থানীয় কেইটামান ৱাটছএপ গ্ৰুপত ঘটনাটোৰ সবিশেষ লিখি দিয়ে ৷ লাহে লাহে জনমত গঢ়ি উঠে৷ আনহাতে মূৰ্তি আৰু কাৰ্তি নামৰ দুই ভায়েকৰ ওপৰত দায়িত্ব আছিল চৰাইজনীৰ পোৱালি যোৱাৰ ৷ চৰাইজনী উৰি গ’লে তেওঁলোকে কণী কেইটা কি অৱস্থাত আছে এবাৰকৈ চাই আহে ৷ এদিন কণী ফুটি পোৱালি হোৱা সময়লৈ ৰৈ আছিল গাঁওবাসী ৷ এই ছাত্ৰজনে জনায় যে গাঁৱত মুঠ ৩৫ টা ষ্ট্ৰীট লাইট আছে ৷ কিন্তু ৩৫ দিনত এদিনো লাইটবোৰ জ্বলোৱা নাছিল ৷ কাৰণ সকলোবোৰ জ্বলে এই কমিউনিটি ছুইচবৰ্ডৰ পৰা৷ ম’বাইলৰ টৰ্চ, টৰ্চ লাইট ব্যৱহাৰ কৰিয়ে গাঁওবাসীয়ে এই কেইদিন ৰাস্তাত যাতায়াত কৰিছিল ৷ কেৱল চৰাইজনীক ৰক্ষা কৰিবলৈ ৷ যিটো এক মানৱীয়তাৰ নিদৰ্শন ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ল আমেথিঃ ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে…
- সামান্য সকাহঃ নিৰ্বাচনৰ মাজতে ৭ মে’ত কেজৰিৱালৰ অন্তৰ্ৱতীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে…
- সফলতাৰে পাঁচদিনীয়া আৱাসিক ‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি…
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…