২০১০ চনৰ পৰা ক্ৰমাগত ভাৱে অসমৰ বিশেষকৈ ওদালগুৰি আৰু দৰং জিলাৰ আৰ্থিক ভাৱে পিছপৰা পৰিয়ালৰ ছোৱালী সকলক তেলেংগানা ৰাজ্যৰ, ৰোহিনী নাৰ্চিং কলেজত কম খৰছত GNM আৰু B.Sc পাঠ্যক্ৰমত নামভৰ্তি কৰি উত্তীৰ্ন হোৱা ছাত্ৰী সকলক আজি ৰাজঘাটৰ নন্দন কানন বিদ্যা নিকেতনত বি এছ চি নাৰ্চিং আৰু জি এন এম পাঠ্যক্ৰমত ৰোহিনী নাৰ্চিং কলেজৰ পৰা উত্তীৰ্ণ ছাত্ৰীক প্ৰমান পত্ৰ বিতৰণ কৰা হয়।উল্লেখযোগ্য যে উক্ত কলেজৰ পৰা প্ৰতি বছৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহি অসমৰ বিভিন্ন চৰকাৰী/বেচৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়াই আছে। দেশৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ত সেৱা আগবঢ়োৱাৰ উপৰিও ছিংগাপুৰৰ বিখ্যাত চিকিৎসালয়ত বৰ্তমানলৈ দুজনী ছোৱালীয়ে নিযুক্তি লাভ কৰি চিকিৎসা সেৱা আগবঢ়োৱাৰ সুবিধা পাই গৌৰৱ কঢ়িয়াই আনে।বিগত বছৰ বোৰৰ দৰে ২০২১-২২ শিক্ষাবৰ্ষত ৰোহিনী কলেজৰ পৰা BSc পাঠ্যক্ৰম ত ১১ গৰাকী আৰু GNM পাঠ্যক্ৰমত ২৭ গৰাকী ওদালগুৰি আৰু দৰং জিলাৰ ছাত্ৰী উত্তীৰ্ণ হৈছে।

প্ৰতি বছৰে কলেজ প্ৰাঙ্গনত ” Graduation Ceremony অনুষ্ঠিত কৰি উত্তীৰ্ণ ছাত্ৰী সকলক প্ৰমান পত্ৰ প্ৰদান কৰে যদিও এই বছৰ কলেজ প্ৰাঙ্গনৰ পৰিবৰ্তে অলপ ব্যতিক্ৰম ভাৱে উক্ত অনুষ্ঠান খন নন্দন কানন বিদ্যা নিকেতনৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰি BSc আৰু GNM পাঠ্যক্ৰমৰ চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰী সকলক আনুষ্ঠানিক ভাৱে প্ৰমাণ পত্ৰ সমূহ প্ৰদান কৰা হয় হয় বুলি নবাব চেৰিটেৱল ফাউণ্ডেশ্যনৰ চেয়াৰমেন আৰু মেনেজিং ট্টাষ্টি মঃ চামচুল হক হুদাই জানিবলৈ দিয়ে।উক্ত অনুষ্ঠান খনত মুখ্য অতিথি হিচাপে বড়ো জাষ্টিচ ফ’ৰামৰ সভানেত্ৰী ড° অঞ্জলি প্ৰভা দৈমাৰীয়ে উপস্থিত থাকি অনুষ্ঠান খনৰ শলাগ লয়।

