টংলা গ্ৰাম্য চিকিৎসালয়খন ২০০ বিছনাযুক্ত অসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণৰ বাবে
মুখ্যমন্ত্ৰীলৈ গণ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ।লক্ষাধিক মানুহৰ চিকিৎসা কেন্দ্ৰ টংলা গ্ৰাম্য চিকিৎসালয়ৰ উন্নীতকৰণৰ দাবীত উত্তাল টংলাৰ আকাশ- বতাহ ওদালগুৰি জিলাৰ উত্তৰ পশ্চিম অঞ্চলৰ লক্ষাধিক গৰীৱ দৰিদ্ৰ মানুহৰ একমাত্ৰ চিকিৎসা কেন্দ্ৰ আশী দশকতে স্থাপিত টংলাস্থিত টংলা গ্ৰাম্য চিকিৎসালয়খন আজিকোপতি অত্যাধুনিক নহ’ল।আধুনিক চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব উন্নতি সাধন হোৱাৰ পিছতো এই চিকিৎসালয়ত উপলব্ধ নহ’ল অত্যাধুনিক উন্নত চিকিৎসাৰ সুব্যৱস্থা।সুদীৰ্ঘ দিন ধৰি নগণ্য সংখ্যক ডাক্তৰ, নাৰ্ছ আৰু কৰ্মচাৰী চিকিৎসা সেৱা আগবঢ়াই আহিছে।

পাঁচ শতাধিক পুৰুষ -মহিলাই আজি ৰূপাখাট শিৱ মন্দিৰ প্ৰাংগণত সমবেত হৈ কুকুৰা কাটা ,টংলা হস্পিতাল ৰোড ,তিনি আলি ,চাৰি আলি ,শুকুৰ বৰীয়া বজাৰ হৈ এটি গণডেপুটেছন মিছিল বাহিৰ কৰি ২০০ বিছনাযুক্ত চিকিৎসালয় আমাক লাগিবই ,উপযুক্ত নাৰ্ছ চিকিৎসক নিযুক্তি দিয়ক ,আমাৰ দাবী মানিবই লাগিব ,টংলা গ্ৰাম্য চিকিৎসালয়খন অতি শীঘ্ৰে অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰক আদি শ্লোগানেৰে টংলাৰ আকাশ বতাহ মুখৰিত কৰি তোলে।সেই সময়ত নাছিল চক্ৰ বিষয়া । বাৰম্বাৰ জনোৱাৰ পিছতো চক্ৰ বিষয়া অনুপস্থিত হৈ থকাত আন্দোলনকাৰী তীব্ৰ খং ক্ষোভত ফাটি পৰে ।চক্ৰ বিষয়া কাৰ্যালয়ৰ দুৱাৰ মুখত অৱস্থান কৰি উচ্চ পদস্থ বিষয়া নহা পৰ্যন্ত বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে।
পিছত খৈৰাবাৰী ৰাজহ চক্ৰ বিষয়াই আহি স্মাৰকপত্ৰখন গ্ৰহণ কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব বুলি আশ্বাস দিয়াত প্ৰতিবাদী ৰাইজ ক্ষান্ত হয়।
টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

