তামুলপুৰৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান কনফিডেণ্ট একাডেমীৰ উদ্যোগত আজি পুৱাৰ ভাগত নৱম আৰু দশম শ্ৰেণীত পঢ়ি থকা ছাত্র-ছাত্ৰীৰ মাজত টেলেণ্ট চাৰ্চ নামৰ এটি প্ৰতিযোগিতা মূলক পৰীক্ষা অনুষ্ঠিত কৰা হয়। ষাঠি গৰাকী ছাত্ৰ-ছাত্ৰী য়ে অৱতীৰ্ণ হোৱা পৰীক্ষাত তিনি গৰাকীয়ে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে তামুলপুৰ অঞ্চলৰ পৰা এইবেলি সৰ্বভাৰতীয় JEE পৰীক্ষাত উত্তীৰ্ণ চাৰিগৰাকী ছাত্ৰ আৰু NIIT পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ এগৰাকী ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সম্বৰ্ধনা সভাত তামুলপুৰ ডিগ্ৰী কলেজৰ অধ্যক্ষ ডঃ যোগেন বড়ো,তামুলপুৰ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ সৰ্গেশ্বৰ ব্ৰহ্ম আৰু তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভুতি ডেকাই উপস্থিত থাকি অনুপ্ৰেৰণা মূলক ভাষণ প্ৰদান কৰে।
তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেেদন

