লেঙেৰী অঞ্চল সৌন্দৰ্যবৰ্ধন কৰি তোলাৰ মানসেৰে বিধায়ক পুঁজিৰ পৰা “সৌন্দৰ্যবৰ্ধন আঁচনি”ৰ শুভ উদ্ধোধন কৰে মন্ত্ৰী বিমল বড়াই

গ্ৰাম্যানুভূতিৰ পৰশ থকা লেঙেৰী এটা বৃহৎ কৃষি প্ৰধান অঞ্চল। সমগ্ৰ লেঙেৰী মৌজা আৰু টিংখাং মৌজাৰ একাংশক লৈ লেঙেৰী এটি চিনাকী নাম।বুৰঞ্জী প্ৰসিদ্ধ লেঙেৰী নাতি দূৰত ঐতিহাসিক আঘোনীবাৰী,গৰুহৰাত বৰমেছলৌ আৰু সৰুমেছলৌ মৈদাম। নামদাং চাৰিআলি আৰু চাংমাইত নাহৰপুখুৰী,টকৌৱনীত বামুণপুখুৰী আদি।ঐতিহাসিক এই বৃহত্তৰ লেঙেৰীক উত্তৰণৰ ক্ষেত্ৰত বিগত সময়চোৱাত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বড়াই।

লেঙেৰী অঞ্চলৰ কিছু পৰিমাণে হ’লেও সৌন্দৰ্যবৰ্ধন কৰি তোলাৰ মানসেৰে বিধায়ক পুঁজিৰ পৰা “সৌন্দৰ্যবৰ্ধন আঁচনি”ৰ জৰিয়তে অঞ্চলটোৰ মহিলা, তথা আই মাতৃ আৰু বহু জ্যেষ্ঠ ব্যক্তি সকলৰ উপস্থিতিত শুভ উদ্ধোধন কৰে মন্ত্ৰীগৰাকীয়ে । স্থানীয় মহিলা সকলৰ দ্বাৰা নিৰ্মিত এই আচঁনিক স্থানীয় ৰাইজে ভৱিষ্যতৰ দিনত সহযোগিতাৰে আগুৱাই লৈ যোৱাত সহায় কৰিব বুলি আশাবাদী মন্ত্ৰী বিমল বড়া। এই উদ্ধোধনী অনুষ্ঠানত মন্ত্ৰী বিমল বড়াক সংগ দিয়ে টিংখাং ৰাজহ চক্ৰ বিষয়া কৌস্তভ কলিতাৰ লগতে বিশিষ্ট ব্যক্তি সকলে।

Related Articles