Breaking

আগন্তুক তিনিমাহৰ ভিতৰত দিমীলা-কালপানী নদীৰ মথাউৰি মেৰামতিৰ আশ্বাস বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীৰ…

0 87

অহা তিনিমাহৰ ভিতৰত দিমীলা আৰু কালপানী নদীৰ মথাউৰি মেৰামতিৰ আশ্বাস দিলে ছিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে।যোৱা ১৪ নবেম্বৰত বগাচলা প্ৰগতি সংঘৰ উদ্যোগত অনুষ্ঠিত শিশু দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক গৰাকীয়ে প্ৰতিটো বছৰে বাৰিষা সময়ত হোৱা বানপানীয়ে অঞ্চলটোৰ ৰাইজক জলা-কলা খুৱাই অহাৰ পাছত বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীৰ এনে মন্তব্যই অঞ্চলটোৰ ৰাইজে আশাৰ ৰেঙণি দেখা যেন পোৱাত মনত যথেষ্ঠ আনন্দ লাভ কৰিছে।

আনহাতে দুনী -বগাচলা পকী পথটোৰ দুৰদুৰীয়াৰ সমীপত থকা বগাচলাচ থকা এশ মিটাৰ পথ পকীকৰণৰ পৰা বাদ পৰি ৰোৱাত বৰষুণ হ’লে বোকাপানীৰ কবলত চলাচল কৰিব নোৱাৰা হৈ পৰে। বিধায়ক গৰাকীক প্ৰগতি সংঘই দিয়া এক স্মাৰক পত্ৰত উল্লিখিত পথটোৰ কথা উল্লেখ কৰাত তেওঁ অচিৰেই পকীকৰণৰ পৰা বাদ পৰা এশ মিটাৰ পথো কৰাৰ দৃঢ়তা প্ৰকাশ কৰে। উপস্থিত ৰাইজক বিধায়ক গৰাকীয়ে ৰাজহুৱা কবৰস্থানকে ধৰি অন্যান্য সমস্যা কথা আলোচনা কৰিবলৈ তেওঁ নিজেই বগাচলালৈ গৈ আলোচনা কৰিব বুলিও প্ৰকাশ কৰে। বিধায়ক গৰাকীৰ এনে দৃঢ়তাত অঞ্চলটোৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে যদিও দিমীলা নদীৰ দুৰদুৰীয়াত থকা ২০০৪ চনতে ছিগা মথাউৰিটো মেৰামতিৰ লগতে পৰিত্যক্ত হৈ থকা পানী দুৱাৰ আঁচনিখনৰ কথা উল্লেখ নকৰিলে।

কিয়নো অঞ্চলটোৰ কৃষক ৰাইজৰ বাবে এই দুটা মুখ্য সমস্যা হিচাপে থিয় দি আছে।বিগত বৰ্ষৰ শেষ ভাগত বিধায়ক গৰাকীয়ে উল্লিখিত সমস্যা দুটা পৰিদৰ্শন কৰিছিল।ৰাইজে ভাবিছিল এইবাৰ বেলেগ বিধায়কে চাই গৈছে তেতিয়া কিবা এটা হ’ব। কিন্তু আজিও তেনেদৰেই পৰি থকা বুলি প্ৰকাশ।ইফালে বগাচলাৰ গাতে লাগি থকা দুৰদুৰীয়া নামৰ গাঁওখনত থকা তিনিখনকৈ বাঁহৰ সাঁকোই গাঁওবাসীক জলা-যন্ত্ৰণা ভোগাই আহিছে।যিখন গাঁৱত কাৰোবাৰ অসুখ -বিসুখ হ’লে সোমাব নোৱাৰে চাৰিচকীয়া বাহন।এই ক্ষেত্ৰত বিধায়ক গৰাকীয়ে পদক্ষেপ লোৱাৰ আশা পালিছে গাঁওবাসী ৰাইজে।

Leave A Reply