ৰঙিয়াৰ হেমদোলত কাৰাটেৰ ৰঙীন বেল্টৰ পৰীক্ষা সম্পন্ন

ৰঙিয়াৰ হেমদোলত কাৰাটেৰ ৰঙীন বেল্টৰ পৰীক্ষা সম্পন্ন। ৰঙিয়াৰ নিকটৱৰ্তী হেমদোলত স্বেচ্ছাসেৱী সংগঠন আকাশ গ্ৰুপ অফ চোচাইটিৰ উদ্যোগত ৰঙিয়া জিলা কাৰাটে সন্থাৰ সহযোগত কাৰাটে প্ৰশিক্ষাৰ্থীসকলৰ ৰঙীন বেল্টৰ পৰীক্ষা সুকলমে সমাপন কৰা হয়।অনুষ্ঠানটিত উপস্থিত থাকে অসম কাৰাটে সন্থাৰ সহকাৰী সম্পাদক তথা ৰঙিয়া জিলা কাৰাটে সন্থাৰ সম্পাদক মাজহাৰুল ইছলাম,আকাশ গ্ৰুপ অফ চোচাইটিৰ সভাপতি আৰু সম্পাদক ক্ৰমে বিপুল কাকতি আৰু হেমন্ত কলিতা(হেমেন),প্ৰশিক্ষকবৃন্দ অজন্তা দাস,ভুপেন নমঃশূদ্ৰ তথা অভিভাৱকসকল আৰু স্থানীয় ৰাইজ।

পৰীক্ষক হিচাবে আছিল জেষ্ঠ্য প্ৰশিক্ষক চেনচাই দেবব্ৰত শৰ্মা আৰু বাচেদ আলী।উক্ত পৰীক্ষাত অৱতীৰ্ণ বিশ গৰাকী শিক্ষাৰ্থীক ৰঙীন বেল্ট প্ৰদান কৰা হয়৷

Related Articles