বাহনাত লিংগ বৈষম্য সম্পৰ্কীয় সজাগতা সভাত বাটৰ নাট প্ৰদৰ্শন

নাৰী শক্তি মহান শক্তি।সমাজত চলি অহা নাৰী আৰু পুৰুষৰ বৈষম্য তথা নাৰী নিৰ্যাতনে এই কথা যেন উপলুঙা কৰি আহিছে।সেয়ে আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত তেজস্বিনী মণ্ডল সংগঠনৰ সহযোগত বাহনা অঞ্চলত সমাজত লিং বৈষম্যমূলক হিংসাৰ সমাপ্তিৰ বাবে এক কাৰ্যসূচী হাতত লোৱা হয় ।উক্ত কাৰ্যসূচী ৰ অংশ হিচাপে “মোক এখন আকাশ দিয়া”শীৰ্ষক এখন বাটৰ নাট মঞ্চস্থ কৰা হয়।

অভিনয় কৰে জীৱিকা সখী প্ৰনামী বৰা,ৰিন্টী দত্ত ,পশু সখী বন্দিতা বৰা আৰু গ্ৰাম্য সংগঠনৰ সদস্যা কবিতা বৰাই।ইয়াৰ পাছতে সমাজত পুৰুষ মহিলাৰ বৈষম্য আতৰোৱাৰ বাবে এটা সজাগতামূলক ৰেলীৰো মহিলাসকলে আয়োজন কৰে।এই মহিলাসকলৰ উদ্দেশ্য নাৰী পুৰুষৰ মাজত বৈষম্য আতৰাই এখন সুস্থ সবল সমাজ গঢ়া।

Related Articles