দৈনন্দিন বাৰ্তা ডেস্ক : এক নতুন যুগৰ বীজ ৰোপন কৰিব নতুন শিক্ষা নীতিয়ে। একবিংশ শতাব্দীত ভাৰতক নতুন দিশ দেখুৱাব ৷ কেন্দ্ৰৰ প্ৰস্তাৱিত নতুন শিক্ষা নীতিক লৈ এনেদৰে মত প্ৰকাশ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ৷ শুকুৰবাৰে মোডীয়ে এনইপি ২০২০, স্কুল এডুকেছন কনক্লেভত যোগদান কৰে ৷ তাতেই নতুন কেন্দ্ৰীয় শিক্ষা নীতি লৈ মত প্ৰকাশ কৰে প্রধানমন্ত্রীয়ে ৷ মোডীয়ে কয় মাৰ্কশ্বিট কেতিয়াও কোনো ছাত্ৰৰ শিক্ষাৰ পূৰ্ণাংগ মূল্যায়ন হ’ব নোৱাৰে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাৰ্কশ্বিট সৰ্বস্ব শিক্ষা ব্যৱস্থাৰ সলনি ঘটাই সাৰ্বিক শিক্ষাত জোৰ দিয়া হৈছে ৷ কেৱল শ্ৰেণী কোঠাত আবদ্ধ থাকি শিক্ষা নহয় ৷ শিক্ষাক শ্ৰেণী কোঠাৰ দেৱালৰ বাহিৰলৈ আনিবলৈ তেওঁ আহ্বান জনায় ৷ কেৱল পুথিগত বিদ্যা নহয়, শিক্ষাৰ ব্যৱহাৰিক প্ৰয়োগৰ কথা কয় প্রধানমন্ত্রীয়ে৷ মোডীয়ে কয়, নতুন শিক্ষা নীতিত পঞ্চম শ্ৰেণী পৰ্যন্ত প্ৰতিটো শিশুক মাতৃভাষাত শিক্ষা দানৰ ব্যৱস্থা কৰা হ’ব ৷ ইয়াৰ লগতে মোডীয়ে জনাই যে ২০২২ চনৰ ভিতৰত দেশৰ সকলোতে নতুন এই শিক্ষা নীতি প্ৰৱৰ্তন কৰা হ’ব ৷ এই নতুন শিক্ষা নীতিৰ সাৰ্থক ৰূপায়নত সকলোৱে একেলগে কাম কৰিব লাগিব ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…
- ধৰ্মৰ ভিত্তিত সংৰক্ষণত বিজেপিয়ে বিশ্বাস নকৰেঃ অমিত শ্বাহ….
- অসমৰ ৩০খন জিলাত বতৰ বিজ্ঞান বিভাগৰ Yellow Alert জাৰি…
- নিৰ্বাচনৰ আগতে কেজৰিৱালক কিয় গ্ৰেপ্তাৰ কৰা হ’ল ! ইডিৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে…
- অসমত প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ ৭৮.২৫ দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ ৮২.১৭ শতাংশঃ নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য…
- মণিপুৰ আৰক্ষীয়ে দুগৰাকী কুকি মহিলাক সহায় কৰাৰ সলনি উত্তেজিত জনতাৰ মাজলৈ লৈ গৈছিল ! চিবিআইৰ অভিযোগনামা দাখিল…
- কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ…
- ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰাজেনেকাই প্ৰথমবাৰৰ বাবে স্বীকাৰ : কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া আছে…
- Royals contribute four players to the Indian squad for T20 World Cup…