Breaking

শিক্ষাৰ্থীলৈ জলপানি ঘোষণা অভিনেতা ছনু সুদৰ

0 1,304

দৈনন্দিন বাৰ্তা ডেস্ক : উচ্চ শিক্ষা গ্ৰহণত আগ্ৰহী কম সুযোগ-সুবিধা প্ৰাপ্ত শিক্ষাৰ্থীৰ বাবে জলপানি আৰম্ভ কৰিছে অভিনেতা ছনু সুদে ৷ তেওঁ কয়, শিক্ষাৰ্থীয়ে তেওঁলোকৰ লক্ষ্য অৰ্জনৰ পথত আৰ্থিক প্ৰত্যাহ্বান অহা উচিত নহয় ৷ টুইটাৰত এই বাতৰি ঘোষণা কৰে অভিনেতাজনে ৷ উচ্চ শিক্ষাৰ বাবে শিক্ষাৰ্থীসকলৰ বাবে পূৰ্ণ জলপানি আৰম্ভ কৰাৰ কথা তেওঁ কয় ৷ মই বিশ্বাস কৰো আৰ্থিক প্ৰত্যাহ্বানে তেওঁলোক লক্ষ্যত উপনীত হোৱাৰ পৰা বিৰত থকা উচিত নহয় ৷ ১০ দিনৰ ভিতৰত নাম scholarships@sonusood.me লৈ পঠাবলৈ তেওঁ কয় ৷ লগতে তেওঁৰ ওচৰ পাবগৈ বুলিও কয়৷ ক’ৰোনা ভাইৰাছৰ বাবে চৰকাৰে দেশজুৰি লকডাউন দিয়াৰ আদেশৰ পাচত অভিনেতাজনে সম্প্ৰতি বৃহৎ চহৰত থকা লোকসকলক গাঁৱৰ ঘৰলৈ ঘুৰি যোৱাত সহায় কৰি শিৰোনামা দখল কৰিছিল ৷

Leave A Reply