Breaking

লাকুৱাত বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ

0 104

নাজিৰা

  লাকুৱাত শুকুৰবাৰে নিশা এটা বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ হয়। সেউজীয়া ৰঙৰ সাপটো গ্ৰীণ পিট ভাইপাৰ বুলি জনা গৈছে। লাকুৱা সৰু মথুৰাপুৰস্থিত সমাজকৰ্মী তথা আদৰ্শ কৃষক প্ৰসূণ ৰাজকোঁৱৰৰ কৃষি ফাৰ্মত উদ্ধাৰ হয় সাপটো। ফাৰ্মখনত কৰ্মৰত এগৰাকী কৰ্মচাৰীয়ে দেখা পাই সাৱধানতাৰে ধৰি ৰাখে৷ ইতিমধ্যে এই সন্দৰ্ভত বন বিভাগক অৱগত কৰিছে প্ৰসূণ ৰাজকোঁৱৰে। মন কৰিবলগীয়া যে ফাৰ্মখনৰ কাষতে থকা চলা সংৰক্ষিত বনাঞ্চলত বিভিন্ন প্ৰজাতিৰ বিলুপ্তপ্ৰায় সৰ্প বিৰাজমান। সেইসমূহকো সংৰক্ষণ কৰাৰ আহ্বান জনাইছে।

Leave A Reply