অসমীয়া ছবিৰ বৰ্ণিল পৰিক্ৰমাত স্বকীয় আসনৰে কাললৈ জিলিকি ৰোৱা, আজিও অসমবাসীৰ অন্তৰে অন্তৰে থকা এখন কালজয়ী ছবি ১৯৬৯ চনত মুক্তি লাভ কৰা বৰেণ্য পৰিচালক ব্ৰজেন বৰুৱা পৰিচালিত ডক্তৰ বেজবৰুৱা ৷ ছবিখনে সেই সময়ত ব্যাপক জনপ্ৰিয়তা লাভ কৰাই নহয়, অসমীয়া ছবিজগতত এক নতুন অধ্যায়ৰ পাতনি মেলিছিল ৷ থ্ৰীলাৰধৰ্মী এই ছবিখনৰ জৰিয়তেই যশস্বী অভিনেতা প্ৰয়াত নিপন গোস্বামীদেৱে নায়ক হিচাপে ৰাইজৰ হৃদয়ত স্থান লাভ কৰে ৷ কেৱল নিপন গোস্বামীয়েই নহয়, ছবিখনৰ প্ৰতিগৰাকী অভিনয় শিল্পীয়েই ৰাইজৰ নয়নৰ মণি হৈ পৰিছিল ৷ সেই ছবিখনৰ আন এটি বিশেষ সফলতা আছিল ইয়াৰ গীতসমূহ ৷ ডক্তৰ বেজবৰুৱা ৰ প্ৰতিটো গীতেই হৈছিল চুপাৰহীট্, চিৰসেউজ – আজিও অসমৰ প্ৰতিগৰাকী সংগীতপ্ৰেমীৰ অন্তৰত নহজা নপমা স্থান দখল কৰি আছে এই গীতসমূহে ৷ সেই সময়ত ছবিখন ইমানেই জনপ্ৰিয় হৈছিল যে ছবিগৃহ নথকা গ্ৰামাঞ্চলৰ ৰাইজে বাছ ভাড়া কৰি ছবিগৃহলৈ আহিছিল “ডক্তৰ বেজবৰুৱা” চাবলৈ ৷অসমীয়া বাণিজ্যিক ছবিৰ ধাৰা মুকলি কৰা ছবি “ডক্তৰ বেজবৰুৱা” ই ১৯৭০ চনত লাভ কৰিছিল শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা । অসমীয়া চলচিত্ৰৰ উত্তৰণত নিশ্চিতভাৱে এই ছবিখন এক মাইলৰ খুটি হিচাপে পৰিগণিত হৈ আছে আৰু থাকিব ৷
গৰিমামণ্ডিত এই কথাছবিখনৰ ছিকুৱেল হিচাপে ডক্তৰ বেজবৰুৱা ২ ইতিমধ্যে অসমৰ প্ৰতিটো ছবিগৃহৰ লগতে দেশৰ কেবাখনো চহৰত মুক্তি লাভ কৰিছে ৷ প্ৰকৃতপক্ষে ডক্তৰ বেজবৰুৱাৰ জৰিয়তে অসমবাসীৰ অন্তৰত নিজৰ সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা, অসমবাসীৰ অতি আদৰৰ অভিনেতা নিপন গোস্বামী ৰ এটি সপোন আছিল এসময়ৰ ব্লকব্লাষ্টাৰ এই ছবিখনৰ এখন ছিকুৱেল পুনৰ নিৰ্মান কৰা ৷ প্ৰাগ নিউজৰ স্বত্বাধিকাৰী, উদ্যমী ছবি নিৰ্মাতা ড° সঞ্জীৱ নাৰায়ণ আৰু ড° আক্ষাতা নাৰায়নৰ প্ৰযোজনাত চিৰসেউজ অভিনেতাজনৰ এই সপোনটোৱে বাস্তৱ ৰূপ পোৱাই নহয়, পূৰ্বৰ গৰিমা অক্ষুন্ন ৰাখি এই ছবিখনো ইতিমধ্যে চুপাৰহীট হিচাপে পৰিগণিত হৈছে ৷ ৰাইজ হিলদল ভাঙি ওলাই আহিছে ছবিখন উপভোগ কৰিবলৈ ৷ ইতিমধ্যে ছবিখনে ব্যৱসায়িক ভাৱে প্ৰায় চাৰি কোটিৰো অধিক টকা উপাৰ্জন কৰিছে ৷ কভিদ কালীন পৰিস্থিতিয়ে জনজীৱনৰ সমান্তৰালভাৱে অসমীয়া ছবি উদ্যোগলৈ যি অশনি সংকেট কঢ়িয়াই আনিলে, সেয়া যেন ডক্তৰ বেজবৰুৱা ২ ৰ জৰিয়তে বহুলাংশে দুৰ হ’ল ৷ আটাইতকৈ সুখবৰটো হৈছে প্ৰতিটো প্ৰজন্মৰ মাজতে ছবিখন জনপ্ৰিয় হৈ পৰিছে ৷ ছবিগৃহৰ ভিতৰত শিশুৰ পৰা বয়োজ্যেষ্ঠ জনলৈ বিভিন্ন বয়সৰ ছবিপ্ৰেমীৰ ভিৰেই প্ৰমান কৰিছে ছবিখনৰ জনপ্ৰিয়তা ৷ ৰাইজে বাছভাড়া কৰি অসমীয়া ছিনেমা চোৱাৰ পৰিৱেশ পুনৰ ঘুৰি আহিছে ৷ নিশ্চিতভাৱে ই এক শুভলক্ষণ ৷ অসমীয়া ছবিলৈ এক ভাল খবৰ ৷
ছবিখন উপভোগ কৰাৰ পাছত দৰ্শক হিচাপে একেষাৰেই ক’ব পাৰি এখন উন্নত মানৰ, শেহতীয়া প্ৰযুক্তি, কলা কৌশল সমৃদ্ধ পৰিয়ালৰ সকলোৰে উপভোগ্য এখন ভাল ছবি ৷ পূৰ্বৰ দৰেই ডক্তৰ বেজবৰুৱা ২ ৰ কাহিনীটো চাচপেঞ্চ আৰু থ্ৰীলাৰৰ পূৰ্ণ সমাৱেশ ঘটা পৰিলক্ষিত হৈছে ৷ ছবিখন যিহেতু বৰ্তমানেও ছবিঘৰত চলি আছে, সেয়ে ছবিখনৰ স্বাৰ্থত কাহিনীটো বৰ্ণনা কৰাৰ পৰা বিৰত থাকি এটা কথাই কওঁ যে, এটি সুন্দৰ পৰিপাট্য কাহিনী যুৱ প্ৰজন্মৰ এগৰাকী সুদক্ষ, জনপ্ৰিয় নাট্যকাৰ ৰাজদ্বীপে আগবঢ়াই নিছে ডক্তৰ বেজবৰুৱা ২ ৰ মাজেৰে ৷ এটা কথা ক’ব লাগিব যে ছবিখনৰ প্ৰথম ছোৱা কিছু মন্থৰ যদিও বিৰতিৰ পাছৰ পৰা এই গতিয়ে তীব্ৰতা পাইছে ৷ দৰ্শকৰ কৌতুহল আৰু চাচপেঞ্চ ধৰি ৰখাত কাহিনীয়ে সফলতা দাবী কৰিব পাৰে ৷
অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব মুখ্য ভূমিকাত অভিনয় কৰা স্বণামধণ্য অভিনেতা আদিল হোছেইনৰ ৷ এগৰাকী অভিনেতা হিচাপে আদিল হোছেইন ৰ কৃতিত্বৰ বিষয়ে কোৱাৰ ধৃষ্টতা আমাৰ নাই ৷ তেওঁ অসমৰ সম্পদ ৷ ডক্তৰ বেজবৰুৱা ২ ত আদিল হোছেইনৰ অসামান্য স্বভাৱসুলভ স্বাভাৱিক অভিনয় অসমবাসীৰ বহুদিনলৈ মনত ৰৈ যাব ৷ হাৰ্টথ্ৰব জুবিন গাৰ্গে এক কথাত ভাল অভিনয় কৰিছে ৷ প্ৰকৃততে চৰিত্ৰটো সম্পৰ্কত জুবিনে নিজেই বহুকেইটা সাক্ষাতকাৰত কৈছেই যে তেওঁ নিজৰ নিচিনাকৈয়ে চৰিত্ৰটো নিৰ্মান কৰা হৈছে ৷ গতিকে ডি এছ পি মহাদেৱ বৰবৰুৱা চৰিত্ৰটো স্বাভাৱিকভাৱেই সুন্দৰ ৰূপত ফুটাই তুলিছে জুবিনে ৷ মৃত্যুৰ পাছতো যেন নিপন গোস্বামীয়ে ছবিখনত কম সময়ৰ বাবে কৰা অভিনয়ৰ মাধ্যমেৰে পুনৰ দৰ্শকৰ মনত সাঁচ বহুৱালে ৷ যুৱ অধিবক্তা শান্তনুৰ চৰিত্ৰটি ত নিপন গোস্বামী সুযোগ্য সন্তান সীদ্ধাৰ্থ নিপন গোস্বামী সফল হোৱা বুলিব পাৰি ৷ স্নেহাৰ চৰিত্ৰত কিংকিনী, মামাৰ চৰিত্ৰত অৰুণ হাজৰিকা, শান্তনুৰ মাকৰ চৰিত্ৰত মাধুৰীমা চৌধুৰী আৰু খলনায়ক ৰঞ্জন চৌধুৰীৰ চৰিত্ৰত গৌৰৱ বৰা, পৰিমলৰ চৰিত্ৰত পদ্মৰাগ গোস্বামী য়ে নিজৰ নিজৰ চৰিত্ৰকেইটি সুদক্ষতাৰে ৰূপায়ন কৰাত সফল হৈছে বুলি ক’ব পাৰি ৷ অন্যান্য চৰিত্ৰ সমূহত ৰাজীৱ ক্ৰ’, পাৰ্থসাৰথি মহন্ত কে ধৰি সকলোৱে ছবিখনৰ সফলতাত নিজস্ব অভিনয় শৈলীৰে সৱল ভূমিকা পালন কৰিছে ৷ অৱশ্যে দুই এটা চৰিত্ৰৰ অভিনয়ত জথৰতা পৰিলক্ষিত নোহোৱা নহয় ৷
ডক্তৰ বেজবৰুৱা ২ ৰ আটাইকেইটি গীতেই ইতিমধ্যে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিছে ৷ জিলিকি জিলিকা তৰা আকাশৰে, কি নাম দি মাতিম, মইনা কোন বিধতাই স্ৰজিলে, ফুল ফুল ফুলি মেলিলে পাহী – পূৰ্বৰ বহুল জনপ্ৰিয় এই চাৰিওটি গীত নতুন ধৰণৰে সজাই নতুন প্ৰজন্মই আকোঁৱালি ল’ব পৰাকৈ নতুনকৈ সজাই তুলিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ৷ ৰাইজে পুনৰ পূৰ্বৰ গীতকেইটিৰ দৰেই এই চাৰিওটি গীতকে অভূতপূৰ্বভাৱে মৰম দিছে ৷ যুৱসমাজে আদৰি লৈছে গীতকেইটি ৷ ই ছবিখনৰ আন এটি সফলতা বুলি ক’ব লাগিব ৷ কিন্তু ছবিখনৰ আটাইতকৈ ভাল লগা দিশটো হৈছে কাৰিকৰী কৌশল, উন্নত প্ৰযুক্তিৰ কেমেৰাৰ ব্যৱহাৰ আৰু পৰিচালকীয় দক্ষতা ৷ বহুকেইটা দৃশ্য, বিশেষকৈ গীতৰ চিত্ৰগ্ৰহণ এক কথাত হিন্দী ছবিৰ সৈতে ফেৰ মাৰিব পৰা ধৰনৰ হৈছে ৷ ছবিখন বাণিজ্যিক ভাৱে সফল হোৱাৰ ইও এটা প্ৰধান কাৰক হ’ব পাৰে বুলি আমাৰ ভাৱ হয় ৷ কাৰণ সম্প্ৰতি বিভিন্ন উন্নত প্ৰযুক্তি, থ্ৰী ডি, ফ’ৰ ডি চলচিত্ৰ উপভোগ কৰা অসমীয়া দৰ্শক, বিশেষকৈ যুৱ প্ৰজন্মই যে কেৱল অসমীয়া ছবি হোৱা বাবেই ডক্তৰ বেজবৰুৱা চাবলৈ গৈছে, সেই কথা নহয়, ছবিখনৰ মাণদণ্ড, কাৰিকৰী প্ৰযুক্তি, কেমেৰাৰ ব্যৱহাৰ, কাহিনী, সংলাপ এইবোৰত বিচৰাখিনি নাপোৱা হ’লে এনেদৰে কেতিয়াও ছবিঘৰলৈ হিলদ’ল ভাঙি নাযায়, গতিকে এই দিশবোৰ যথেষ্ট ভাল হোৱাৰ বাবেই ছবিখন ব্লকব্লাষ্টাৰ হিচাপে পৰিগণিত হৈছে ৷ প্ৰকৃতপক্ষে পৰিচালক হিচাপে নিপন গোস্বামীদেৱে এই দিশতো যথেষ্ট সচেতনতা আৰু সুদক্ষতাৰ স্বাক্ষৰ ৰাখি থৈ গৈছে বুলি ক’ব লাগিব ৷
শেষত এটাই আশা কৰিছো, “ডক্তৰ বেজবৰুৱা ২” য়ে অসমৰ ছবি উদ্যোগটোলৈ যি এক জোৱাৰ সৃষ্টি কৰিলে, আশাৰ বতৰা কঢ়িয়াই আনিলে, সেয়া স্থায়ী হওঁক ৷ অসমীয়া ছবিৰ ঐতিহাসিক পৰিক্ৰমাত আহিবলগীয়া দিনত বহু নতুন ছবিয়ে এনে নতুন নতুন অভিলেখ গঢ়ক ৷ ভালদিনবোৰ আকৌ ঘুৰি আহক ৷
হিমাংশু ৰণ্জন ভূঞা, জামুগুৰিহাট

