Breaking

ৰাজ্যিক চলচ্চিত্র বঁটা সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ সভা

0 87


ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান অনুষ্ঠান সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত তেওঁৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

প্ৰথম অসমীয়া চলচ্চিত্ৰ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ জয়মতী মুক্তি লাভৰ দিনটোতে অৰ্থাৎ অহা ১০ মাৰ্চত শ্রী মন্ত শংকৰদেৱ কলা ক্ষেত্ৰত অনুষ্ঠিতব্য ৰাজ্যিক ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজনৰ সন্দৰ্ভত এই বৈঠকত বিষদভাৱে আলোচনা কৰা হয়।

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত ২০১৮ আৰু ২০১৯ বৰ্ষৰ বাবে সাংস্কৃতিক সঞ্চালকালয় আৰু অসম ৰাজ্যিক চলচ্চিত্র আৰু বিত্ত উন্নয়ন নিগমে যুটীয়াভাৱে আয়োজন কৰিব লগা এই চলচ্চিত্র বঁটা প্ৰদান অনুষ্ঠানত চলচ্চিত্রৰ বিভিন্ন শিতানত বিভিন্ন ব্যক্তিৰ নামত প্ৰদান কৰিব লগা বঁটা, জুৰি সকলৰ ব্যবস্থাপনা, প্ৰচাৰ, আয়োজনৰ বিভিন্ন দিশকে ধৰি বাজেট সন্দৰ্ভতো আলোচনা কৰা হয়।

এই বৈঠকত সাংস্কৃতিক মন্ত্রী বড়াই বঁটা প্ৰদান অনুষ্ঠান যাতে গতানুগতিক নহৈ এক ব্যতিক্রমী অনুষ্ঠান হয় তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি এক নিখুত পৰিকল্পনা যুগুটাই উলিয়াবলৈ বিষয়া সকলক নিৰ্দেশ দিয়ে।

বৈঠকত অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদুৰী,অতিৰিক্ত সচিব মণিদিপা বৰকটকী, সাংস্কৃতিক সঞ্চালক মীনাক্ষী দাস নাথ, যুটীয়া সচিবদ্বয় দিনমনি দাস আৰু বিজয় লক্ষ্মী বৰুৱাকে ধৰি কেবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত আছিল।

Leave A Reply