গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাক আদালতে প্ৰেৰণ কৰে কাৰাগাৰলৈ। প্ৰায় চৈধ্যদিন আৰক্ষীৰ জিম্মাত আছিল বন্দনা। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাত আৰক্ষীয়ে আদালতত হাজিৰ কৰাত আদালতে বন্দনা কলিতাক কাৰাগাৰলৈ প্ৰেৰণ কৰে। আনহাতে বন্দনাৰ দুই সহযোগী অৰূপ ডেকা আৰু ধনটি ডেকাক পুনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
স্বামী আৰু শাহুক হত্যা কৰি টুকুৰা টুকৰকৈ কাটি মেঘালয়ৰ ডাউকীত পেলাই থৈ আহিছিল। ইতিমধ্যে আৰক্ষীয়ে বন্দনাৰ স্বামী অমৰ দে’ আৰু শাহু শংকৰী দে’ৰ মৃতদেহৰ খণ্ড বিখণ্ড অংশ উদ্ধাৰ কৰি যাবতীয় পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে। নাৰকীয় হত্যাকাণ্ডত জড়িত এই তিনিগৰাকী অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ বিভিন্ন মহলে আৰক্ষীক আহ্বান জনাইছে।

