Breaking

মহাৰাষ্ট্ৰৰ বিধায়ক বচ্চু কাডুৱে “অসমৰ মানুহে কুকুৰ খাই” বুলি কৰা অপমানসূচক মন্তব্যৰ বিৰোধীতাৰে দিছপুৰ থানাত আপ অসমে দাখিল কৰিলে এজাহাৰ

0 170

মহাৰাষ্ট্ৰৰ বিধায়ক তথা প্ৰহাৰ জনশক্তি পাৰ্টিৰ মুৰব্বী বাচ্চু কাডুবে মহাৰাষ্ট্ৰ বিধানসভাৰ পবিত্ৰ মজিয়াত অসম আৰু অসমীয়াক অপমানসূচক মন্তব্যৰে জাতিৰ মাজত বিভেদ সৃষ্টি তথা অসমীয়াৰ স্বাভিমানত আঘাত হানিছিল।

বিধায়ক বস্তু কাডুরে জনসংখ্যা নিয়ন্ত্ৰণৰ উপায় হিচাপে পথৰ কুকুৰক অসমলৈ প্ৰেৰণ কৰাৰ এক প্ৰস্তাৱ আগবঢ়াইছিল আৰু কৈছিল যে অসমৰ লোকসকলে কুকুৰৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰে।

এই মন্তব্যক জাতিৰ মাজত বিভেদ সৃষ্টিকাৰী বুলি উল্লেখ কৰি এই ব্যক্তিগৰাকীক অতিশীঘ্ৰে কৰায়ত্ব কৰি বিহিত ব্যৱস্থা ল’বৰ বাবে এজাহাৰ দাখিল কৰে।

Leave A Reply