Breaking

৫৪ ফুট উচ্চতাৰ ভগৱান হনুমানৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

0 88

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি হনুমান জয়ন্তী উপলক্ষে গুজৰাটৰ বোটাড জিলাৰ সালংপুৰ চহৰত ৫৪ ফুট উচ্চতাৰ ভগৱান হনুমান প্ৰতিমূৰ্তি উন্মোচন কৰে।


শ্বাহ ডাঙৰীয়াই আজি মন্দিৰৰ নতুন কমিউনিটি কিচেনটোও উদ্বোধন কৰে য’ত একেসময়তে প্ৰায় ৪ হাজাৰ তীৰ্থযাত্ৰীক সেৱা আগবঢ়াব পৰাৰ সুবিধা আছে।


ভক্তসকলক সম্বোধন কৰি শ্বাহ ডাঙৰীয়াই কয় যে বিজেপিৰ শাসনকালত ভাৰতীয় সংস্কৃতিৰ পতাকা বিশ্বত উচ্চ স্থানত উঠাই দিয়া হৈছে।


কাশী, আৰু সোমনাথকে ধৰি দেশৰ সকলো প্ৰধান তীৰ্থযাত্ৰী কেন্দ্ৰ বিজেপি শাসনৰ অধীনত পুনৰ উন্নীত কৰা হৈছে।
লগতে মন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ সৈতে সালংপুৰত ভগৱান হনুমানক প্ৰাৰ্থনা কৰে।

Leave A Reply