Breaking

বিশ্ব নৃত্য দিৱসৰ দিনটোত ৰবীন্দ্ৰ নৃত্যৰে মুখৰিত তেজপুৰৰ ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চ 

0 79

বিশ্ব নৃত্য দিৱসৰ আজিৰ দিনটোতে বিশ্ব কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৬২ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰবীন্দ্ৰ নৃত্যৰ এক অনুষ্ঠানেৰে মুখৰিত হৈ পৰিল তেজপুৰৰ ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চ।

উল্লেখ্য যে, অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ উদ্যোগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬২ সংখ্যক জয়ন্তী উপলক্ষে আজিৰ পৰা দুদিনীয়াকৈ তেজপুৰৰ ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চত অনুষ্ঠিত হৈছে ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সঙ্গীতৰ এক অডিশ্যন অনুষ্ঠান।

আজি প্ৰথম দিনটোত অনুষ্ঠিত হোৱা ৰবীন্দ্ৰ নৃত্যৰ অসম চৰকাৰৰ এই বিশেষ অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে জ্যোতিকলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট সংগীত শিল্পী লিখন শৰ্মা আৰু বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই।

তেজপুৰৰ বেংগলী অবৈতনিক নাট্য সমাজৰ সাংস্কৃতিক সম্পাদক তথা শিল্পী বিশ্বজিৎ ঘোষে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলক লিখন শৰ্মাৰ লগতে পংকজ বৰুৱাই বিশ্ব নৃত্য দিৱসৰ এই দিনটোতে সমগ্ৰ বিশ্বতে সমাদৃত ৰবীন্দ্ৰ সঙ্গীতৰ আধাৰত হোৱা নৃত্যানুষ্ঠানে উঠি অহা প্ৰজন্মক কবিগুৰু গৰাকীৰ জীৱন – দৰ্শন বোধগম্য হ’বলৈ অনুপ্ৰাণিত কৰিব বুলি  মন্তব্য কৰে।

আনহাতে অনুষ্ঠানটিৰ সমন্বয়ক ফটো সাংবাদিক সমীৰ কৰ, শিল্পী গৌৰ মণ্ডল আদিৰ উপস্থিতিত দক্ষ নৃত্যশিল্পী তথা নৃত্যৰ শিক্ষক সোণালী সৰকাৰ, কাবেৰী ঘোষে বিচাৰক হিচাপে উপস্থিত থকা অনুষ্ঠানটিত ইয়াৰ পিছতেই  আৰম্ভ হয় ৰবীন্দ্ৰ নৃত্যৰ অনুষ্ঠান।

Leave A Reply