দেওবাৰে মধ্য মাজুলী বিস্তৃত অঞ্চলৰ কেইবাখনো বিদ্যালয়ক সামৰি শিশুসকলৰ মাজত মাজুলীৰ বাঁহপৰা মিচিং প্ৰাথমিক বিদ্যালয়ত কুইজ আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয় । অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্রীবন্ধন উপসমিতিৰ আহ্বায়ক মনোজ্যোতি ৰেগন আৰু কুঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথৰ পৰিচালনাত অসম সাহিত্য সভাৰ দৃষ্টিভংগী অনুসৰি জনগোষ্ঠীয় ঐক্য-সম্প্ৰীতিৰ লগতে শিশুসকলৰ সাহিত্যিক আৰু সাংস্কৃতিক উত্তৰণৰ বাবে এখন বিশেষ মঞ্চ প্ৰদানৰ লক্ষ্যৰে অনুষ্ঠিত কৰা দুয়োখন প্ৰতিযোগিতাতে শিশুসকলৰ প্ৰতিভাৰ বৰ্ণিল প্ৰকাশ পৰিস্ফুট হয় ।

অমৰ শিশুপ্ৰাণ অমৰেন্দ্ৰ বৰুৱা মেমৰিয়েল ট্ৰাষ্টৰ সৌজন্যত অনুষ্ঠিত কবিতা আবৃত্তি প্ৰতিযোগিতাত নিহা ৰেগন, কণমণি ৰেগন, ভাগ্যশ্ৰী ৰেগনে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰাৰ পিছতে কুইজ প্ৰতিযোগিতাত কনকলতা দলে(ক্ৰমে- কনমনি,নিহা,সিমান্ত,চানিয়া আৰু অৰূপ ৰেগন) প্ৰথম, কুশল কোঁৱৰ দলে(ক্ৰমে- অনামিকা, পাপৰি ,কাকলি,উত্তম আৰু ৰাজকুমাৰ ৰেগন) দ্বিতীয় আৰু মণিৰাম দেৱান দলে তৃতীয় শ্ৰেষ্ঠ(মনিষা পায়েং, ৰিচান , নয়নজ্যোতি, চন্দ্ৰ , আৰু সৌৰভ ৰেগন ) দলৰ সন্মান লাভ কৰে | গ্ৰাম্যাঞ্চলৰ প্ৰতিজন শিশু-অভিভাৱককেই অসম সাহিত্য সভাৰ লগত জড়িত হৈ ভাষা-জননীৰ সেৱাত উৎসৰ্গিত হ’বলৈ আহ্বান জনোৱা উক্ত কাৰ্য্যসূচীৰ প্ৰশংসা কৰে উপস্থিত ৰাইজে ।

