বকতাৰ লাখমণি পঠলিয়াল কৈৱৰ্ত গাঁও নামঘৰত সমূহ পঠলিয়াল কৈৱৰ্ত গাঁৱৰ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান। বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ্ভাগৱত শাস্ত্ৰৰ অমৃতময় বাণীৰে মুখৰিত হয় বকতাৰ পঠলিয়াল অঞ্চল। দুদিনীয়া কৈ অনুষ্ঠিত হোৱা এই ভাগৱত পাঠ অনুষ্ঠানত কেইবা শতাধিক ভকত বৈষ্ণৱে ভিৰ কৰা পৰিলক্ষিত হয়।
ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ লগত সংগতি ৰাখি শেষৰ কাৰ্যসূচীত স্থানীয় শিল্পীৰ দ্বাৰা ” হনুমানৰ ভক্তি পৰীক্ষা, ৰামৰ প্ৰতিজ্ঞা পূৰণ” শীৰ্ষক এভাগি নাট ভাওনা প্ৰদৰ্শন কৰা হ’য়।
নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন