Breaking

দেৰগাঁৱৰ শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰৰ ৪৬তম প্ৰতিষ্ঠা দিৱস…

0 132

আজি দেৰগাঁৱৰ অন্যতম ইংৰাজী মাধ্যমৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ( Shishu Bharati Higher secondary School)ৰ ৪৬তম প্ৰতিষ্ঠা দিৱস। ১৯৭৭ চনতে প্ৰতিষ্ঠা হোৱা এই বিদ্যালয় খনৰ আজি ৪৬ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে উৎসৱ মুখৰ হৈ পৰে বিদ্যালয় খনৰ পৰিৱেশ।

পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মিতালী মহন্তই,বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগত জড়িত প্ৰয়াত ব্যক্তি সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন,মুকলি সভা, তাৰ পাছতেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সাংস্কৃতিক অনুষ্ঠান আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে জনপ্ৰিয় কন্ঠশিল্পী ববিতা ভট্টাচাৰ্যই। এনেদৰে বিভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ল ৪৬তম প্ৰতিষ্ঠা দিৱস।

দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Leave A Reply