Breaking

ফাটবিহুৰ মঞ্চৰ ঘটনাক লৈ অব্যাহত প্ৰতিক্ৰিয়া; এফালে ঘিলামৰাত প্ৰতিবাদ; আনফালে নিচৰ্ত ক্ষমা বিচাৰিলে ফাটবিহু সমিতিয়ে

0 116

অসমীয়াৰ জাতীয় লোক উৎসৱ বিহুৰ এক আঞ্চলিক ৰূপ ঢকুৱাখনাৰ চাৰিকড়িয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত আয়োজিত ফাটবিহুৰ মঞ্চত এই বৰ্ষত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আজি ঐতিহাসিক ফাটবিহু উদযাপন সমিতিৰ বিৰুদ্ধে ঘিলামৰাত শ শ ৰাইজে ৰাজপথত মৌন সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে ফাটবিহুৰ মঞ্চত যোৱা ১৩ মে’ৰ নিশা সংঘটিত লজ্জাজনক ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰেষ্ঠ বিহু দল হিচাপে স্বীকৃতি পোৱা এই দলটোৱে ফাট বিহু সমিতিৰ সম্পাদকৰ বিৰুদ্ধে ঢকুৱাখনা থানাত এজাহাৰ দাখিল কৰিছিল যদিও দলটোৱে কোনোধৰণৰ ন্যায় নোপোৱাৰ অভিযোগ তুলি কালি ঘিলামৰাত এই সম্পৰ্কত বিভিন্ন দল সংগঠনৰ সহযোগত অনুষ্ঠিত হৈছিল এখন বিশাল ৰাজহুৱা সভা।

এই সভাত হোৱা সিদ্ধান্ত অনুসৰি আজি বৃহত্তৰ ঘিলামৰাৰ শতাধিক সামাজিক ব্যক্তি ২২ টাকৈ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু লাঞ্চিত বিহুদলটোৰ ভুক্তভোগী সদস্য সকল লগ হৈ ফাটবিহুৰ দৰে এটা বৃহৎ অনুষ্ঠানৰ একাংশ শীর্ষ দায়িত্ববাহী বিষয়ববীয়াই সংঘটিত কৰা অশোভনীয় আচৰণক একেমুখে গৰিহণা আৰু ধিক্কাৰ দি আজি ন্যায় বিচাৰি ঘিলামৰা উন্নয়ন সমিতিৰ উদোগত ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণৰ পৰা ঘিলামৰা মূল ৰাজপথৰ মাজেৰে মৌন সমদল বাহিৰ কৰি প্ৰতিবাদ জনাই।আৰু এই ঘটনাত জড়িত ফাটবিহু সমিতিৰ বিষয় ববীয়াসকলৰ উপযুক্ত শাস্তি বিচাৰে।

ইফালে বিভিন্ন সংবাদ মাধ্যমত,আৰু সামাজিক মাধ্যমত ফাটবিহুৰ মঞ্চত হোৱা ঘটনাক লৈ যিবোৰ বাতৰি,ভিডিঅ প্ৰচাৰ হৈ আছে তাৰ বাবে অনুতপ্ত হৈ “ফাটবিহু”ৰ গৰিমা অক্ষুন্ন ৰখাৰ বাবে আজি বিয়লি ঢকুৱাখনাৰ ফাটবিহুৰ তলীত অৱশেষত এখন সংবাদমেল পাতি ঘটনাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ফাটবিহু সমিতিয়ে।সমিতিয়ে সংবাদমেলত কয় যে-” নিশা প্ৰায় ডেৰমান প্ৰতিযোগিতা সামৰিবৰ সময়ত আহি বৰদৈচিলা বিহু দলে বিহু পৰিৱেশন কৰিছিল।

তেওঁলোকক বিহু পৰিৱেশনৰ বাবে বান্ধি দিয়া ১৫ মিনিটৰ সময়সীমা পাৰ হৈ যোৱাৰ পিছতো বিহু কৰি থকাত তেওঁলোকক বিহু সামৰিবলৈ কোৱাত তেওঁ লোক ক্ষুন্ন হৈ ঘোষকক গালি গালাজ কৰি মাৰিবলৈ খেদি গৈছিল।তেনে পৰিস্থিতি চম্ভালিবলৈ ফাটবিহুৰ সম্পাদক আৰু একাংশ বিসয়-ববীয়াই বিহু দলৰ সদস্য সকলক ঠেলিয়াই- গতিয়াই মঞ্চৰ পৰা তললৈ নমাই আনিবলৈ লোৱাতহে অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

দলটোক সমিতিয়ে ইচ্ছাকৃতভাৱে অশোভনীয় আচৰণ কৰা নাছিল।তেনে কৰিবলৈ পৰিস্থিতিয়েহে বাধ্য কৰাইছিল।”ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া,সম্পাদক ভাস্কৰ দাস,ফাটবিহু-২০২৩ বৰ্ষৰ উদযাপন সমিতিৰ সভাপতি-নিতুল(ৰাজা) বৰুৱা আৰু সম্পাদক বনশ্যাম গগৈকে আদি কৰি বহুসংখ্যক ফাটবিহু সমিতিৰ বিষয় ববীয়াই আজিৰ সংবাদমেলত উপস্থিত থাকি ফাটবিহুৰ মঞ্চত ১৩ মে’ৰ নিশা হোৱা অবাঞ্চিত ঘটনাটোৰ বাবে বৰদৈচিলা বিহু দলটোৰ লগতে অসমবাসী ৰাইজৰ প্ৰতি নিচৰ্ত ক্ষমা বিচাৰে সংবাদমেলত।আৰু ঘটনাটোৰ বাবে সকলোৱে অনুতপ্ত হৈ দুখ প্ৰকাশ কৰে।

Leave A Reply