Breaking

অসম কলা কৃষ্টি পৰিষদৰ উদ্যোগত সাংস্কৃতিক কাৰ্যসূচী আৰু বঁটা প্ৰদান অনুষ্ঠান

0 109

অসমৰ এক অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান অসম কলা কৃষ্টি পৰিষদৰ উদ্যোগত ১৮ মে তাৰিখে দিছপুৰস্থিত গড়কাপ্তানী প্ৰশিক্ষণ সন্মিলন প্ৰেক্ষাগৃহত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে বঁটা প্ৰদান আৰু সাহিত্যৰ এক মননশীল অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷

অসমৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিক প্ৰদান কৰা হয় ‘অসম সুৰভি বঁটা’৷

মৰিগাঁৱৰ সোণাইপৰীয়া কবি ৰমেশ বৰদলৈ, বিতোপন দাস, চন্দ্ৰা নাথ, নমিতা বৰা, সান্তনা দাস, কিৰণ দাস, মফিদা খাতুন, নৰ্থ ইষ্টাৰ্ণ এডুকেশ্বন মিছন, ডানিছ একাডেমী, লিলি দেৱী, ভানু দেৱী, অৰুণ বৰা আদি ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়৷

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে “দৈনন্দিন বাৰ্তা” কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকা, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰাক্তন মুখ্য অধ্যাপিকা ড° সুচিত্ৰা কাকতি, অধ্যক্ষ মানবেন্দ্ৰ কুমাৰ ভাগৱতী আদি বহুকেইজন গণ্য মান্য ব্যক্তি৷

Leave A Reply