Breaking

হাটশিঙিমাৰীত মহিলা স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি শিশু শ্ৰমিক,বাল্য বিবাহ আৰু ধপাত সেৱনৰ বিৰুদ্ধে সজাগতা সভা…

0 60

হাটশিঙিমাৰীত মহিলা স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি শিশু শ্ৰমিক,বাল্য বিবাহ, আৰু ধপাত সেৱনৰ বিৰুদ্ধে সজাগতা সভা। আজি দিনৰ ১১ বজাত হাটশিঙিমাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সজাগতা সভা।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু জিলা প্ৰাশাসনৰ সহযোগত অনুষ্ঠিত হোৱা এই সজাগতা সভাত জিলাখনৰ প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী তথা মহিলাৰ উপস্থিতিত অনুষ্ঠিত হয় এই সজাগতা সভা।আজি অনুষ্ঠিত হোৱা এইসজাগতা সভাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষক,জিলা সত্ৰ ন্যায়াধিশ,জিলা আইন সেৱা প্ৰাধিকাৰী বিষয়া,গোৱালপাৰা জিলা শাখাৰ ৰেড ক্ৰছ ছোচাইটিৰ অধ্যক্ষৰ উপস্থিতিত অনুষ্ঠিত হয় এই সজাগতা সভা।

আজি অনুষ্ঠিত হোৱা সজাগতা সভাৰ জৰিয়তে বাল্য বিবাহ,শিশু শ্ৰমিক,ধপাত সেৱনৰ বিৰুদ্ধে এমাহ যোৰা অভিযান অব্যাহত থাকিব বুলি জিলা আৰু সত্ৰ ন্যায়াধিশ তথা জিলা উপায়ুক্তই জানিব দিয়ে।

মানকাচৰৰ পৰা আশিক ইকবাল হুচেইৰ প্ৰতিবেদন

Leave A Reply