তামুলপুৰ -ৰঙিয়া- ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাই পথৰ দ্বাৰকুছিত যোৱা ২৪মে’ৰ পুৱাই সংঘটিত হৈছিল এক শোকাৱহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল তামুলপুৰ মহকুমাৰ গোপালপুৰ গাঁৱৰ এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ। গোপালপুৰ গাঁৱৰ দৰিদ্ৰ কৃষক প্ৰানেশ্বৰ দাসৰ কন্যা হিমানী দাসে সেইদিনা পুৱা টিউচনলৈ যাওতে দ্বাৰকুছিত এখন আল্ট্ৰা বাছে মহতিয়াই নিয়াত থিতাতে নিহত হৈছিল। দৰিদ্ৰ পৰিয়ালৰ হিমানী দাসৰ বাসগৃহত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক তথা তামুলপুৰৰ যুৱ সমাজ কৰ্মী দয়াল দাস উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আৰ্থিক ভাৱে কিছু সাহায্য প্ৰদান কৰে।
দয়াল দাসক সংগ দিয়ে বাক্সা জিলা ৰাষ্ট্ৰীয় বজৰং দলৰ সম্পাদক দীনেশ ৰাজবংশী, গাঁওবুঢ়া নিৰঞ্জন কলিতা আদিয়ে। যুৱ সমাজ কৰ্মী তথা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক দয়াল দাসৰ এই মহানুভৱতাক পৰিয়াল বৰ্গই কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰিছে। যুৱ সমাজকৰ্মী গৰাকীৰ এই মহানুভৱতা সচেতন মহলত ব্যাপক চৰ্চা লাভ কৰিছে।