ওড়িশা ৰে’ল দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি আহতসকল সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ। ২ জুনত সন্ধিয়া প্ৰায় ৭.৩০ বজাত ওড়িশাৰ বালাছ’ৰত ৩খন ৰে’লৰ দুৰ্ঘটনা সংঘটিত হয়। উদ্ধাৰ অভিযান এতিয়া শেষ হৈছে। বালাসোৰৰ চিকিৎসালয়ত ভুক্তভোগীক লগ পোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, “যিসকলে প্ৰাণ হেৰুৱাইছে, তেওঁলোকৰ পৰিয়ালৰ বাবে এই খবৰ অতি যন্ত্ৰণাদায়ক আৰু বিৰক্তিকৰ।” আহত হোৱা পৰিয়ালৰ সদস্যসকলৰ বাবে চৰকাৰে তেওঁলোকৰ সুস্বাস্থ্যৰ বাবে ব্যৱস্থা কৰিব। এই ঘটনা চৰকাৰৰ বাবে অতি ভয়াৱহ। ঘটনাৰ তদন্ত কৰা হ’ব।
#WATCH | Odisha: After taking stock of the situation at Balasore train accident site, PM Modi arrives at a hospital in Balasore to meet the injured victims of #OdishaTrainTragedy. pic.twitter.com/Pw4ougdYJQ
— ANI (@ANI) June 3, 2023
বালাসৌৰ চিকিৎসালয়ত ভুক্তভোগীক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ সেই স্থান পৰিদৰ্শন কৰিলে। ইয়াৰ পিছত তেওঁ বালাসোৰৰ চিকিৎসালয়ত উপস্থিত হয়। আহতসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
#WATCH | Odisha: PM Narendra Modi visits a hospital in Balasore to meet the injured victims of #OdishaTrainTragedy. pic.twitter.com/vP5mlj1lEC
— ANI (@ANI) June 3, 2023
ওড়িশা ৰেল দুৰ্ঘটনাঃ ‘ৰে’ল দুৰ্ঘটনাত আহত-নিহতৰ পৰিয়ালৰ বাবে সকলো সাংসদে তেওঁলোকৰ দৰমহাৰ এটা অংশ দান কৰক’: এই মন্তব্য বিজেপি সাংসদ বৰুণ গান্ধীৰ।
ओडिशा रेल दुर्घटना हृदय विदारक है। जो परिवार इस हादसे से टूटे हैं हमें उनके साथ चट्टान की तरह खड़ा होना होगा। मेरा सभी साथी सांसदों से निवेदन है कि हम सभी अपनी तनख्वाह का एक हिस्सा शोक संतप्त परिजनों के नाम कर उनकी मदद के लिए आगे आए: बीजेपी सांसद वरुण गांधी pic.twitter.com/vMBKAUmJ1K
— ANI_HindiNews (@AHindinews) June 3, 2023
বিজেপিৰ সাংসদ বৰুণ গান্ধীয়ে কয় যে, “ওড়িশা ৰে’ল দুৰ্ঘটনা হৃদয় বিদাৰক।” সকলো সতীৰ্থ সংসদ সদস্যক অনুৰোধ কৰিছো যে আমাৰ দৰমহাৰ এটা অংশ শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলক দান কৰি তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহক।”