Breaking

ওদালগুৰি মাজবাটত শিশু শ্ৰমিক উদ্ধাৰ অভিযান…

0 71

শিশু শ্ৰমিক উদ্ধাৰ মাহ উপলক্ষে আজি ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা শিশু শ্ৰমিক উদ্ধাৰ কৰা হয়। বচপন বচাও আন্দোলন দল, শ্ৰমিক পৰিদৰ্শক বিষয়া, ওদালগুৰি জিলাৰ শিশু সুৰক্ষা বিষয়া,চাইল্ড লাইনৰ দল, কৈলাশ সত্যাৰ্থী শিশু ফাউণ্ডেচনৰ অংশীদাৰ NGO, মাজবাট CWPO’ আৰু মাজবাট আৰক্ষী দলৰ সৈতে সমন্বয় কৰি আজি মুঠ ১০ জন শিশুক বিভিন্ন দোকান আৰু হোটেলৰ পৰা কৰ্মৰত অৱস্থাত উদ্ধাৰ কৰা হয়।

আনহাতে শিশু কেইটিৰ যতন আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ওদালগুৰি জিলাৰ শিশু কল্যান সমিতিত হাজিৰ কৰা হয়,লগতে পৰৱৰ্তী সময়ত স্বতাধিকাৰী পক্ষৰ সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সুৰক্ষা বিষয়া পল্লৱী শৰ্মাই জানিবলৈ দিয়ে।

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

Leave A Reply