পবিত্ৰ হজ যাত্ৰাৰ বাবে মক্কালৈ ওলোৱা দেৰগাঁৱৰ ৰঙামাটিৰ আক্তাৰুদ্দিন লস্কৰক সম্বৰ্ধনা…

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপৰ ৰঙামাটি জামাতৰ পৰা শনিবাৰে মক্কালৈ হজ যাত্ৰা কৰে আক্তাৰুদ্দিন লস্কৰে। ৰঙামাটি জামাতৰ স্থায়ী সভাপতি মহম্মদ খছনুৰ আলীৰ সভাপতিত্বত শনিবাৰে ঈদগাহ ৰঙামাটি জামাতৰ প্ৰাংগনত অনুষ্ঠিত হোৱা হজ যাত্ৰী সম্বৰ্ধনা সভাত পবিত্ৰ হজলৈ যাত্ৰা কৰা আক্তাৰুদ্দিন লস্কৰক ৰঙামাটি জামতৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে আল্লাৰ ওচৰত দোৱা প্ৰাৰ্থনা জনায়।

উক্ত সভাত ৰঙামাটি জামাতৰ পুৰুষ মহিলাকে আদি কৰি প্ৰায় চাৰি শতাধিক লোক সমবেত হয়। উল্লেখ্য যে বিভিন্ন জাতি জনগোষ্ঠীৰ সমগ্র মানৱ জাতিৰ বাবে দোৱা প্ৰাৰ্থনাৰ উদেশ্যৰে পবিত্ৰ মক্কালৈ যাবলৈ ওলোৱা আক্তাৰুদ্দিন লস্কৰক আনুষ্ঠানিক ভাৱে ৰঙামাটি জামাতৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈকে সহস্ৰাধিক লোকৰ অংশগ্ৰহনেৰে এক বিশাল শোভাযাত্ৰাৰ জৰিয়তে আগবঢ়াই নিয়ে।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Related Articles