নৃশংস! পত্নীক হত্যা, কন্যাক কাটি শৰীৰৰ অংগ পেলাই দিলে খালত

৪৩ বছৰীয়া পত্নীক হত্যা কৰা, তেওঁৰ ১৫ বছৰীয়া জীয়েকক কাটি টুকুৰাবোৰ খালত পেলাই দিয়া এজন ৫২ বছৰীয়া ব্যৱসায়ীক কেন্দ্ৰীয় শাসিত অঞ্চল দিউ দমন আৰু দাদৰা আৰু নগৰ হাভেলীৰ চিলভাচাত গ্ৰেপ্তাৰ কৰা হয়।

অভিযুক্ত যোগেশ মেহতাই তেওঁৰ জীয়েকক হত্যা কৰিছিল যিয়ে তাইৰ মাতৃ ৰেশ্মাক বচাবলৈ চেষ্টা কৰিছিল। মেহতাই সোমবাৰে সন্ধিয়া প্ৰথমে আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি জনাইছিল যে তেওঁৰ পত্নীক হত্যা কৰা হৈছে।

অৱশ্যে, সোধা-পোছাৰ সময়ত, তেওঁ ভাগি পৰিছিল আৰু তেওঁৰ অপৰাধ স্বীকাৰ কৰিছিল। অভিযুক্ত যোগেশ মেহতাই বিশেষভাৱে সক্ষম জ্যেষ্ঠ কন্যাৰ উপস্থিতিত পত্নী আৰু কন্যাক হত্যা কৰাৰ অভিযোগ। বস্তাত পত্নীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

Related Articles