ঘৰত নিগনিৰ সংখ্যা বৃদ্ধি পাইছে নেকি? নিগনি খেদা এই ৫টা উপায়ৰ বিষয়ে জানি লওক…! বহুতেই নিগনিলৈ ভয় কৰে আৰু ঘৰৰ চাৰিওফালেও এই অতিথিসকলক দেখা পোৱাটো নিবিচাৰে। গতিকে কিছুমান গোন্ধযুক্ত বস্তুৰ সহায়ত আপুনি ইহঁতক খেদি পঠিয়াব পাৰে।
নিগনিক হত্যা নকৰাকৈ কেনেকৈ খেদিব পাৰি-
১/ নহৰু
নহৰুক আমি খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰো, কিন্তু আপুনি জানেনে যে ইয়াৰ সহায়ত আপুনি নিগনিৰ পৰাও মুক্তি পাব পাৰে। আচলতে নহৰুৰ প্ৰচণ্ড গোন্ধে নিগনিবোৰক আমনি কৰে। নহৰু খিনি সৰু সৰুকৈ কাটি ঘৰৰ চুকত ৰাখি থৈ দিব, নিগনি নিজে নিজে আঁতৰিব।
২/ পিঁয়াজ
পিঁয়াজ এনেকুৱা এটা বস্তু যাৰ অবিহনে আপোনাৰ খাদ্যৰ সোৱাদ নহয়। নহৰুৰ দৰে পিঁয়াজেও এক প্ৰবল গোন্ধ নিৰ্গত কৰে যিটো নিগনিয়ে একেবাৰেই ভাল নাপায়। পিঁয়াজৰ টুকুৰা কাটি নিগনি অহা ঠাইবোৰত ৰাখক।
৩/ পদিনা
পদিনাৰ গোন্ধে নিগনিবোৰক অস্বস্তিত পেলায়, যাৰ বাবে ইয়াৰ গোন্ধত চাৰিওফালে ইহঁতে দৌৰি ফুৰে। আপুনি কপাহৰ টুকুৰাত পদিনা লগালে আৰু তাৰ পিছত এই কপাহৰবোৰ ঘৰৰ চুকত ৰাখক।
৫/ ৰঙা জলকীয়া গুড়ি
ৰঙা জলকীয়া গুড়িৰ গোন্ধে কেৱল মানুহকে নহয়, নিগনিকো বিৰক্ত কৰে। এই অবাঞ্চিত অতিথিসকলক আপোনাৰ ঘৰৰ পৰা আঁতৰাই ৰাখিবলৈ নিগনিৰ গাঁতৰ চাৰিওফালে ৰঙা জলকীয়া গুড়ি ছটিয়াই দিব। অৱশ্যে মনত ৰাখিব যে এই গুড়ি শিশুৰ হাতৰ মুঠিৰ পৰা আঁতৰত ৰাখিব।

