হিমাচল প্ৰদেশত বৰষুণৰ ফলত ২০ জন লোকৰ মৃত্যু। পাহাৰীয়া ৰাজ্যখনৰ কিছু অংশত বহু পৰ্যটক আবদ্ধ হৈ আছে। আনহাতে আন্তঃগাঁথনিৰ ক্ষতিৰ আনুষ্ঠানিক অনুমান ৩০০০ কোটিৰ পৰা ৫০ কোটি টকাৰ ভিতৰত হ’ব বুলি কোৱা হৈছে। বিগত তিনিদিন ধৰি হিমাচল প্ৰদেশত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে, বিদ্যুৎ সংযোগ বিচিন্ন, পথ অৱৰোধ কৰা হৈছে। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে কয় যে বিগত ৫০ বছৰে ৰাজ্যত ইমান বৰষুণ হোৱা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ক্ষতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি ৰাজ্য চৰকাৰক সংকটৰ পৰা ওলাই আহিবলৈ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে।
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা জয়ৰাম ঠাকুৰৰ মতে বানপানীয়ে বহু ঘৰ উটুৱাই লৈ যায় আৰু কমেও ১২খন ডাঙৰ দলঙৰ ক্ষতি হৈছে।
আনহাতে হেলিকপ্টাৰ ব্যৱহাৰ কৰি লাহাউল-স্পিটি আৰু কুল্লু জিলাৰ আৱদ্ধ হৈ থকা প্ৰায় ৩০০ পৰ্যটক আৰু বাসিন্দাক উলিয়াই অনাৰ প্ৰচেষ্টা চলি আছে। আবদ্ধ হৈ থকা লোকসকলৰ বাবে থকাৰ ব্যৱস্থা, খাদ্য, আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত ব্যৱস্থা কৰাৰ লগতে আবদ্ধ পৰ্যটকৰ ৰাজ্যভিত্তিক তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। মুষলধাৰ বৰষুণৰ ফলত ৰাজ্য খনত ব্যাপক লোকচান হোৱাৰ লগতে বহুতৰে জীৱন আৰু সা-সম্পত্তিৰ বহু ক্ষতিসাধন হৈছে। এই অঞ্চলসমূহৰ পথসমূহৰ তাৎক্ষণিক উন্নতিৰ বাবে তেওঁ ৪ কোটি টকা আবণ্টন দিয়া হৈছে। তীৰ্থযাত্ৰাৰ সময়ত ৬ জন লোকৰ মৃত্যুৰ খবৰ পোৱাৰ বাবে শ্ৰীখণ্ড মহাদেৱ যাত্ৰা বাকী ঋতুৰ বাবে স্থগিত ৰখা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত হিমাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ পৰিসৰৰ বিষয়ে সোধা-পোছা কৰে।
আনহাতে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। চৰকাৰে তিনিটা হেল্পলাইন নম্বৰ ১১০০, ১০৭০ আৰু ১০৭৭ৰ জাৰি কৰিছে। যিকোনো জৰুৰীকালীন অৱস্থাত এই নম্বৰবোৰত ফোন কৰিব পাৰিব।লগতে মুখ্যমন্ত্ৰী সুখুৱে সকলো বিধায়কক নিজৰ সমষ্টিত থাকি আৰ্তজনক সহায় কৰিবলৈ অনুৰোধ জনায়।

