ব্ৰাজিলৰ কফি, দামী সুৰা, চিগাৰেট, বিদেশী মাংসৰ প্ৰয়োজন কিম জং উনক…

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ব্লেক লেবেল স্কচ হুইস্কি আৰু হেনেছি ব্ৰেণ্ড আদি বিলাসী সুৰা আৰু চিগাৰেট সেৱন কৰি ভাল পাই বুলি প্ৰতিৰক্ষা বিশেষজ্ঞই দাবী কৰিছে । দেশৰ জনসাধাৰণ অনাহাৰৰ ভুগিলেও, কিম জং উনক যিকোনো মূল্যৰ বিনিময়ত দামী সুৰা, বিশেষ চিগাৰেট আৰু বিদেশী মাংসৰ প্ৰয়োজন। এক বাৰ্তালাপত ব্ৰিটিছ প্ৰতিৰক্ষা বিশেষজ্ঞই দাবী কৰিছে যে একনায়কত্ববাদী কিম জং উন এজন মদ্যপায়ী, যিয়ে ক’লা লেবেলৰ স্কচ হুইস্কি আৰু হেনেছি ব্ৰেণ্ডী খাই ভাল পায়, যাৰ এটা বটলৰ দাম ৭,০০০ ডলাৰ পৰ্যন্ত। এক পৰিসংখ্যা অনুসৰি কিম জং উনে উত্তৰ কোৰিয়ালৈ উচ্চমানৰ সুৰা আমদানি কৰাত বছৰি ৩ কোটি ডলাৰ ব্যয় কৰে।

কেৱল এয়াই নহয়, একনায়কত্ববাদী নেতা জনে ব্ৰাজিলৰ কফি ভাল পায়। যাৰ বাবে তেওঁ এবছৰত প্ৰায় ৯,৬৭,০৫১ ডলাৰ খৰচ কৰে। ইয়াৰ লগতে কিমে এক বিশেষ ধৰণৰ চিগাৰেট খায়, যাৰ ছবি বিগত সময়তো ভাইৰেল হৈছিল। ২০১৪ চনৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে কিমে নিয়মিতভাৱে “সাপৰ মদ” সেৱন কৰিছিল, যাৰ ফলত পুৰুষত্ব বৃদ্ধি পায় বুলি এক উৰাবাতৰি প্ৰচাৰ হৈছিল।

Related Articles