নামতি আলি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

নামতি আলি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ব্যক্তিগত কামৰ দোহাই দি এম্বুলেঞ্চ চালকে ৰোগী নিয়াত অস্বীকাৰ কৰাত চিকিৎসালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

এম্বুলেঞ্চ চালকে কৰ্তব্য পালন নকৰাৰ অভিযোগ স্থানীয় লোকৰ।

স্থানীয় ৰাইজৰ অভিযোগ মতে, চিকিৎসালয়খনৰ এম্বুলেঞ্চ চালকগৰাকীয়ে মইমতালিৰে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে।

চিকিৎসালয়খনৰ কাষৰে দেবেন দত্ত নামৰ এগৰাকী ব্যক্তি ৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাৰ বাবে চিকিৎসকে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ নিৰ্দেশ দিয়ে।

আৰ্থিকভাবে দুৰ্বল ব্যক্তিগৰাকীৰ পৰিয়ালে চিকিৎসালয়ৰ এম্বুলেঞ্চৰ জৰিয়তে ৰোগীক নিয়াৰ ব্যৱস্থা কৰিবৰ বাবে এম্বুলেঞ্চ চালকজনক ফোনযোগে যোগাযোগ কৰে যদিও চালক গৰাকীয়ে ব্যক্তিগত কামৰ দোহাই দি ৰোগীক নিয়াৰ বাবে অমান্তি হয় আনকি তেওঁ চিকিৎসালয়খনৰ চিকিৎসকগৰাকীৰ নিৰ্দেশো অমান্য কৰে।

যাৰফলত ৰোগীৰ পৰিয়ালৰ লোকে ক্ষোভিত হোৱাৰ লগতে চিকিৎসালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

Related Articles