অন্ধ্ৰপ্ৰদেশত নিৰ্মাণ হ’বলগীয়া ভগৱান ৰামৰ প্ৰতিমূৰ্তিৰ দেওবাৰে ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
ৰাজ্যখনৰ মন্ত্ৰালায়ম গাঁৱৰ টুংগাভদ্ৰা নদীৰ সমীপৰ ১০ একৰ ভূমিত নিৰ্মাণ হ’বলগীয়া ভগৱান শ্ৰীৰামৰ মূৰ্তিটোত ব্যয় হ’ব ৫০০ কোটি টকা।

আধাৰশিলা স্থাপন কৰি গৃহমন্ত্ৰী গৰাকীয়ে ভগৱানৰ মূৰ্তিটোৱে সনাতন ধৰ্মৰ বিষয়ে প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অৰিহনা যোগাব বুলি আশা প্ৰকাশ কৰে।

