Breaking

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থা দূৰ কৰাৰ বাবে তদন্ত কমিটী গঠন ৰাজ্যপালৰ…

0 44

প্ৰসংগঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থা। অচলাৱস্থা দূৰ কৰাৰ বাবে তদন্ত কমিটী গঠন ৰাজ্যপালৰ। উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ অধ্যক্ষতাত গঠন কমিটী। সদস্য হ’ব IITGৰ অধ্যাপক ড০ এছ কে দেৱ।

সদস্য হ’ব তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ বি বি মিশ্ৰ। তদন্ত কমিটীক এমাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে বিত্তীয় অনুশাসন ভংগৰ অভিযোগ। উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙে নিবিদা অবিহনে ঠিকা আবণ্টনৰ অভিযোগ । মেচাৰ্চ আৰ ডি এণ্টাৰপ্ৰাইজক দিছিল ঠিকা আবণ্টন।

নিলম্বিত অধ্যাপকৰ ক্ষেত্ৰতো ভংগ কৰিছিল বিত্তীয় অনুশাসন। কমিছনৰ বিনিময়ত নামভৰ্তি কৰাৰো অভিযোগ উপাচাৰ্যৰ বিৰুদ্ধে। এনেবোৰ অভিযোগৰ ভিত্তিতে গ্ৰেপ্তাৰ হৈছিল উপাচাৰ্য সিং। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল লাইশ্ৰাম লাড্ডু সিঙক।

Leave A Reply

Your email address will not be published.