ঘৰুৱা উপায়ৰ দ্বাৰা ৰোধ কৰক চকুৰ সংক্ৰমণ…

ঘৰুৱা উপায়ৰ দ্বাৰা ৰোধ কৰক চকুৰ সংক্ৰমণ। বহুলোকৰ চকুত খজুৱতি সৃষ্টি হয়, তেওঁলোকে কিছুমান চকুৰ বিশেষ যত্ন ল’ব লাগে, নহ’লে সমস্যা বাঢ়িব পাৰে। আজি আপোনালোকক জনাম চকুৰ সংক্ৰমণ ৰোধ কৰা কিছু ঘৰুৱা উপায়ৰ বিষয়ে…

চকুত খজুৱতি হ’লে বেছি চিন্তা নকৰিব। এনে সময়ত পৰিষ্কাৰ আৰু ঠাণ্ডা পানী ছটিয়াই দিব চকুত। এনে কৰিলে চকুৰ বিষৰ পৰা তৎক্ষণাত সকাহ পাব আৰু বাৰে বাৰে চকু খজুৱাব নালাগে।

যদি আপুনি ৰাসায়নিক মুক্ত গোলাপৰ পানী ব্যৱহাৰ কৰে তেন্তে ই চকুৰ বাবে ঔষধতকৈ কম নহয়। ইয়াৰ বাবে কপাহৰ বলৰ সহায়ত চকুত গোলাপ পানী লগাই কিছু সময়ৰ পিছত পৰিষ্কাৰ পানীৰে ধুব লাগে।

আমি সাধাৰণতে ছালৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে এলোভেৰা জেল ব্যৱহাৰ কৰো, কিন্তু ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ থকাৰ বাবে ই চকুৰ খজুৱতিও দূৰ কৰিব পাৰে। ইয়াৰ বাবে এলোভেৰা গছৰ পাত লৈ তাৰ পৰা জেল উলিয়াই লওক। এতিয়া কপাহৰ সহায়ত চকুৰ চাৰিওফালে লগাব। কিছু সময়ৰ পিছত চকু দুটা পৰিষ্কাৰ পানীৰে ধুব।


Related Articles