পেটৰ ভিতৰত কেন্সাৰ কোষ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিলে পেটৰ কৰ্কট ৰোগ হয়। ইয়াক গেষ্ট্ৰিক কেন্সাৰ বুলিও কোৱা হয়। সময়মতে ইয়াক চিনাক্ত কৰাটো প্ৰত্যাহ্বানজনক হ’ব পাৰে, কিয়নো বেছিভাগ মানুহেই প্ৰাৰম্ভিক পৰ্যায়ত লক্ষণে দেখা নিদিয়ে। বেছিভাগ ক্ষেত্ৰতে পেটৰ কৰ্কট ৰোগৰ লক্ষণ গুৰুতৰ বা শেষ পৰ্যায়ত দেখা যায়। সাধাৰণতে পেটৰ কৰ্কট ৰোগ বৃদ্ধি হ’বলৈ বছৰ বছৰ লাগে। প্ৰাৰম্ভিক পৰ্যায়ত পেটৰ কৰ্কট ৰোগৰ লক্ষণ কেনেধৰণৰ এই বিষয়ে জানো আহক-
পেটৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীয়ে প্ৰাৰম্ভিক অৱস্থাত বমিৰ অনুভৱ কৰিব পাৰে। যদি আপুনি অহৰহ এই ধৰণৰ সমস্যাৰ সন্মুখীন হয়, তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
দীৰ্ঘদিন ধৰি পেট ফুলাৰ সমস্যাইও পেটৰ কৰ্কট ৰোগৰ ইংগিত দিয়ে।
পেটৰ কৰ্কট ৰোগৰ বাবে বুকুৰ বিষ আৰু জ্বলা-পোৰাৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
কম খোৱাৰ পিছতো পেট ভৰি থকা অনুভৱ কৰাও এই ৰোগৰ লক্ষণ হ’ব পাৰে।
যদি পেটত সংক্ৰমণ বা কেন্সাৰৰ সমস্যা হয়, তেতিয়া ব্যক্তিজনৰ জ্বৰৰ দৰে অনুভৱ হ’বলৈ আৰম্ভ কৰে।
পেটৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীয়েও পেটৰ বিষৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
মলৰ পৰা তেজ ওলোৱাটোও পেটৰ কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে। এনে ক্ষেত্ৰত তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
ডায়েৰিয়া আৰু কোষ্ঠকাঠিন্যৰ দীৰ্ঘদিনীয়া সমস্যাই পেটৰ কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে।
যদি আপোনাৰ শৰীৰত এনে লক্ষণ দেখা যায়, তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। যাতে আপোনাৰ চিকিৎসা সময়মতে আৰম্ভ কৰিব পৰা যায়।

