টংলা নেচনেল পায়নিয়ৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত নৱাগত আদৰণী সভা…

টংলা নেচনেল পায়নিয়ৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত নৱাগত আদৰণী সভা। বিদ্যালয় খনত অধ্যয়নৰত সুখ্যাতি অর্জন কৰা ছাত্র ছাত্ৰীক অভিনন্দন। ওদালগুৰি জিলাৰ শৈক্ষিক নগৰী টংলাস্থিত নেচনেল পায়নিয়ৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত শনিবাৰে নৱাগত আদৰণী সভা অনুষ্ঠিত হয়।বিদ্যালয় খনৰ শিক্ষক নাৰায়ণ বড়াই আঁত ধৰা অনুষ্ঠান খনত নিৰ্দিষ্ট বক্তাৰ ভাষণৰ প্ৰসংগত টংলা মহাবিদ্যালয়ৰ প্ৰৱক্তা অনিমা বৰা ভূঞাই মানুহহৈ জীয়াই থাকিবলৈ মানৱীয় গুণবোৰ অর্জন কৰিবলৈ ছাত্র ছাত্ৰীক আহ্বান জনায়।

সভাত বিদ্যালয় খনৰ অধ্যক্ষ পাৰভিজুল ইছলামৰ উপস্থিতিত বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰী তথা যুৱ সাহিত্য অকাডেমি বঁটা প্ৰাপক মাইনাওশ্ৰী দৈমাৰী, মিছেছ গ’বেল ইণ্ডিয়া খিতাপ অৰ্জন কৰা খুচুবু গিৰী, লগতে বহু কেইগৰাকী কৃতি ছাত্র ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।‌

Related Articles