দেৰগাঁৱৰ বৃত্তিমুখী পাঠ্যক্ৰমৰ আগশাৰীৰ প্ৰতিষ্ঠান গ্লবেল প্ৰফেচনেল একাডেমীত আজি ৰূপসজ্জা পাঠ্যক্ৰমৰ প্ৰমাণ পত্ৰ বিতৰণৰ উদ্দেশ্যে এখনি সভা অনুষ্ঠিত হয় । একাডেমীৰ স্বত্বাধিকাৰ জয়জিৎ বৰাই আঁত ধৰা সভাখনিৰ সভাপতিত্ব কৰে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকাই। পদ্মাক্ষী বৰাই উদ্দেশ্যে ব্যাখ্যা দাঙি ধৰা সভাখনিত উদয়ণ একাডেমীৰ অধ্যক্ষ তথা সু- বক্তা ভাস্কৰ বৰা বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি একাডেমীত প্ৰশিক্ষণ গ্ৰহন কৰি থকা শিক্ষাৰ্থী সকলক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰে।
যোৰহাটৰ মেক আপ আৰ্টিষ্ট ডলি বৰা আৰু গিতালী শইকীয়া উপস্থিত থকা এই সভাতে প্ৰশিক্ষক উষা নাথৰ তত্বাৱধানত সৌন্দৰ্য চৰ্চাৰ ছমহীয়া পাঠ্যক্ৰম সমাপ্ত কৰা কেইবাগৰাকীও ছাত্ৰীয়ে ৰূপসজ্জা প্ৰদৰ্শন কৰে। সভাত প্ৰশিক্ষণ সমাপ্ত কৰা প্ৰত্যেকগৰাকী প্ৰশিক্ষাৰ্থীক বিশিষ্ট অতিথিৰ হতুৱাই আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে সৌন্দৰ্য চৰ্চাৰ লগতে অভিজ্ঞতাসম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা কম্পিউটাৰ শিক্ষা, নাৰ্ছিং, কাতিং আদি বৃত্তিমুখী শিক্ষা প্ৰদান কৰা এই গ্লবেল প্ৰফেচনেল একাডেমীৰ উদ্যোগত বিভিন্ন সময়ত দেৰগাঁও নগৰত সমাজিক কাম কাজ কৰি দেৰগঞা ৰাইজৰ শলাগ পাবলৈ সক্ষম হৈছে।

