ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে ইজৰাইলৰ বায়ু সেনাৰ ভয়ংকৰ আক্ৰমণত হামাছৰ অৰ্থনীতি দপ্তৰৰ মন্ত্ৰী জাৱাদ আবু ছমালা নিহত হোৱা বুলি দাবী কৰিছে। এয়া হামাছৰ বাবে এক বৃহৎ ক্ষতি বুলি ধাৰণা কৰা হৈছে। । আইএএফে হামাছ নেতা জাকাৰিয়া আবু মামাৰকো হত্যা কৰা বুলি দাবী কৰিছে।
আনহাতে যুদ্ধত এতিয়ালৈকে প্ৰায় ৯০০ ইজৰাইলী লোকে প্ৰাণ হেৰুৱাইছে। ইজৰাইলৰ প্ৰতি-আক্ৰমণত হামাছ সন্ত্ৰাসবাদীকে ধৰি দুই হাজাৰৰো অধিক লোক নিহত হৈছে।

