মানসিক চাপ আৰু হতাশাৰ পৰা পৰিত্ৰান বিচাৰি ৰাজ্যত বিগত ৭ বছৰত ১৮ হাজাৰ ৫৫৩ গৰাকী ব্যক্তিয়ে চৰম সিদ্ধান্ত গ্ৰহন কৰি আত্মহত্যাৰ পথ বাছি লোৱা ঘটনাৰ এক কৰুণ ছবিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ইণ্ডিয়ান কাউঞ্চিল অব্ মেডিকেল ৰিছাৰ্চ আৰু পাব্লিক ফাউণ্ডেশ্যন অব্ ইণ্ডিয়াৰ লগতে ইনষ্টিটিউট ফৰ হেলথ মেটিকছ এণ্ড ইভেলুৱেচন নামৰ সংস্হা কেইটাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত চলোৱা এক সমীক্ষাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহে। সংস্হা কেইটাৰ প্ৰতিবেদন মৰ্মে ৰাজ্যত ২০১৬ বৰ্ষত ৩,০২৩ টা, ২০১৭ বৰ্ষত ২,২৭৬ টা, ২০১৮ বৰ্ষত ২,৩৭৯ টা, ২০১৯ বৰ্ষত ২,৩৭০ টা, ২০২০ বৰ্ষত ৩,২৪৩ টা আৰু ২০২১ বৰ্ষত ৩,২৬২ টা আত্মহত্যাৰ ঘটনা নথিভুক্ত হৈছিল। একেদৰে ৰাজধানী চহৰ গুৱাহাটীত ২০১৬ বৰ্ষত ২৫৯ টা, ২০১৭ বৰ্ষত ৩৪২ টা, ২০১৮ বৰ্ষত ৩৫৭ টা, ২০১৯ বৰ্ষত ৩৫৬ টা, ২০২০ বৰ্ষত ৩৬৯ টা, ২০২১ বৰ্ষত ৩৮৪ টা আৰু ২০২২ বৰ্ষত ৩৯৬ টা আত্মহত্যাৰ ঘটনা সংঘটিত হয়। আনহাতে চলিত বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত গুৱাহাটীত ৬৪ গৰাকীয়ে আত্মহত্যাৰ পথ বাচি লোৱাৰ উক্ত সময়চোৱাত ৰাজ্যখনত ২১১ টা আত্মহত্যাৰ ঘটনা নথিভুক্ত হয়। প্ৰতিবেদনত উল্লেখ কৰা মৰ্মে আত্মহত্যাৰ পথ বাচি লোৱা সকলৰ ভিতৰত সৰহ সংখ্যকৰ বয়স ১৫ বছৰৰ পৰা ৩৭ বছৰ। অৱশ্যে ইয়াৰ ভিতৰত ১০ বছৰীয়া শিশুৰ লগতে ৬০ বছৰীয়া লোকো আছে বুলি প্ৰতিবেদনত উল্লেখ কৰে।
সমীক্ষাটোৰ মতে আত্মসংস্হাপনৰ লগতে পাৰিবাৰিক অশান্তি , প্ৰেমজনিত কাৰণ, পৰীক্ষাত অনুত্তীৰ্ণ, দুৰাৰোগ্য ৰোগ, সন্তানৰ অবহেলা আদি কাৰণত আত্মহত্যাৰ পথ বাচি লোৱা বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ভাৰতীয় দণ্ডবিধি অনুসৰি আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা অথবা আত্মহত্যা কৰা দুয়োটাই দণ্ডযোগ্য অপৰাধ যদিও এনে কাৰ্য ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান আত্মহত্যাৰ দৰে ঘটনা বৃদ্ধি পোৱা কাৰ্যই উদ্বেগজনক হিচাপে বিবেচিত হৈছে।

