ৰঙামাটিত দ্বীনি জলছাৰ ব্যাপক প্ৰস্তুতি ! দুদিনীয়াকৈ ২৫হাজাৰ লোকৰ সমাগমেৰে অনুস্থিত হব দ্বীনি জলছাৰ…

ৰঙামাটিত দ্বীনি জলছাৰ ব্যাপক প্ৰস্তুতি

২৭আৰু ২৮ জানুৱাৰীত দুদিনীয়াকৈ ২৫হাজাৰ লোকৰ সমাগমেৰে অনুস্থিত হব দ্বীনি জলছাৰ।

বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়েৰে গিজ্ গিজাই থকা গোলাঘাট জিলাৰ ৰঙামাটিত দুদিনীয়াকৈ বৃষ্টিত কাৰ্যসূচীৰে অনুস্থিত হ’ব ইছলাম ধৰ্মালম্বী লোকৰ অন্যতম ধৰ্মীয় অনুস্থান দ্বীনি জলছাৰ।

ৰঙামাটি মছজিদ ও জামাত পৰিচালনা সমিতিৰ উদ্যোগত বিশ্ব শান্তিৰ অৰ্থে ৰাজ্যখনৰ বিভিন্ন জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ বিশাল সমাবেশেৰে ৰঙামাটিস্থিত

জাম্মে মছজিদ প্ৰাঙ্গনত অনুস্থিত হ’ব এই দ্বীনি জলছাৰ। ইতিমধ্যে ৫১জনীয়া এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰি দুদিনীয়াকৈ অনুস্থিত হ’ব লগা দ্বীনি জলছাৰ ব্যাপক প্ৰস্তুতি চলি আছে।

দিব্য জ্যোতি কাকতি, ৰঙামাটি

Related Articles