ৰাজ পৰিয়ালত জন্ম লোৱাৰ পিছতো সাধাৰণ জীৱন যাপন কৰে ভূটানৰ ৰজাই…

যেতিয়া পৃথিৱীৰ ৰয়েল ফেমিলিৰ বিষয়ে আলোচনা কৰা হয়, তেতিয়াই ভূটানৰ ৰজা আৰু তেওঁৰ পত্নীৰ কথা উল্লেখ কৰাটো বাধ্যতামূলক। এই দেশৰ লগত ভাৰতৰ সু-সম্পৰ্ক আছে, আৰু ভাৰতৰ জনসাধাৰণৰ চুবুৰীয়া দেশৰ ৰাজ পৰিয়ালটোৰ প্ৰতিও যথেষ্ট আগ্ৰহ আছে। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু তেওঁৰ পত্নী জেটছুন পেমা কেনেধৰণৰ জীৱন যাপন কৰে জানেন। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক বৰ্তমান ৮ দিনীয়া ভাৰত ভ্ৰমণত আছে। তেওঁৰ ভ্ৰমণ অসমৰ পৰা আৰম্ভ কৰিছে।

১৯৮০ চনৰ ২১ ফেব্ৰুৱাৰীত নেপালৰ ৰাজধানী কাঠমাণ্ডুত জন্মগ্ৰহণ কৰা ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে ২০০৬ চনৰ ৯ ডিচেম্বৰত ভূটানৰ ৰজা হয়, তেতিয়াৰ পৰাই তেওঁ নিজৰ দেশত শাসন কৰি আহিছে।ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে ২০১১ চনৰ অক্টোবৰ মাহত জেটছুন পেমাৰ সৈতে বিবাহপাশত আবদ্ধ হয়, বৰ্তমান তেওঁলোকৰ ২টা পুত্ৰ আৰু এগৰাকী কন্যাকে ধৰি ৩টা সন্তান আছে। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু ৰাণী জেটছুন পেমা ৰাজধানী থিম্ফুৰ ওচৰৰ তাছিচো ড্জোঙত অৱস্থিত লিংকনা প্ৰসাদত বাস কৰে, যিটো তেওঁলোকৰ চৰকাৰী বাসগৃহ।

ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ লগুৱাৰ অভাৱ নাই যদিও আজিও তেওঁ লিংকানা প্ৰসাদত বাগিচাৰ কামত আকৰ্ষিত। এই ৰাজপৰিয়ালৰ কোনো ধন-সম্পত্তিৰ অভাৱ নহ’লেও ভূটানৰ ৰজা-ৰাণীয়ে হিমালয়ৰ কোলাত সহজ-সৰল জীৱন যাপন কৰি ভাল পায়। ৰাজা ৱাংচুকে সদায় পত্নী জেটছন পেমাক প্ৰশংসা কৰে কাৰণ তেওঁ বিয়াৰ পিছত নিজৰ দায়িত্ব ভালদৰে পালন কৰিছে।

Related Articles