উত্তৰ গুৱাহাটীৰ আগশাৰীৰ সমাজিক সাংস্কৃতিক অনুষ্ঠান “জিলিঙনি”ৰ পঞ্চদশ বৰ্ষপূৰ্তি উপলক্ষে দুদিনীয়াকৈ আয়োজোন কৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ শুকুৰবাৰে সামৰণি পৰে । সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে সদ্য প্ৰয়াত উত্তৰ গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী তথা জিলিঙণিৰ উপ সভাপতি পদ অলংকৃত কৰা যোগেশ শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা মাল্যৰ্পন কৰে আউনীআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা জিলিঙণিৰ উপ-সভাপতি বাণীকান্ত চক্ৰৱৰ্তীয়ে।
ঐতিহ্যমণ্ডিত প্ৰাগজ্যোতিষপুৰ কলা পৰিষদ ভৱনত আয়োজিত সামৰণি অনুষ্ঠান সদ্য প্ৰয়াত জিলিঙণিৰ উপ-সভাপতি যোগেশ শইকীয়াৰ সোঁৱৰণত সমৰ্পণ কৰি হৈছিল। এই সামৰণি অনুষ্ঠানত বৃহত্তৰ উত্তৰ গুৱাহাটীৰ ৩৫ গৰাকী নবীন প্ৰবীণ শিল্পীক সম্বৰ্ধনা জনোৱা হয়। শিল্পী সম্বৰ্ধনা সভাত পৌৰোহিত্য কৰে জিলিঙনিৰ সভাপতি ধৈৰ্য বৰুৱাই।
আৰম্ভণিতে উদ্দেশ্যে ব্যাখ্যা কৰে জিলিঙনিৰ সম্পাদক ৰূপক ডেকাই। অনুষ্ঠানত উপস্থিত থকা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কুকিল বৰুৱা, চন্দন কান্ত বৰুৱাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি আৰু নাট্য শিল্পী হিৰণ্য বৰা, চন্দন বৰুৱা, ৰঞ্জন দাস প্ৰমুখ্যে বিশিষ্ট শিল্পী প্ৰবাস বুৰাগোহাই, কুমুদ নাথ, শ্যামল চমুৱা,গৌতম ডেকা, গিৰিন্দ্ৰ শংকৰ বৰুৱা,ৰূপাঞ্জলি বৰুৱাকে আদিকৰি বহু বিশিষ্ট ন পুৰণি শিল্পীক জিলিঙণিৰ তৰফৰ পৰা অনুষ্ঠানত সম্বৰ্দ্ধনা জনোৱা হয়।

শিল্পী ঈশান বৰুৱাই পৰিচালনা কৰা সামৰণি অনুষ্ঠানত কেইবাগৰাকী শিল্পীয়ে সুধাকন্ঠৰ গীত পৰিৱেশন কৰে । অনুষ্ঠানত জিলিঙনি শীৰ্ষক এখন স্মৰণিকাও উন্মোচন কৰা হয় ।ইফালে,”জিলিঙনি”ৰ পঞ্চদশ বৰ্ষপূৰ্তি উপলক্ষে ১৪ ডিচেম্বৰত প্ৰথম দিনা সদৌ অসম ভিত্তিত আয়োজিন কৰা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰা বৰপেটাৰ প্ৰতীক্ষা পাঠকে।
দ্বিতীয় স্থান আৰু তৃতীয় স্থান দখল কৰে গুৱাহাটীৰ ভাৰ্গৱী গোস্বামী আৰু গুৱাহাটীৰ দেবস্মিতা কাশ্যপে । বিচাৰকৰ বিশেষ বটা লাভ কৰে নিৰ্মালি দাস আৰু ৰিজা মিৰ্ধাক আজিৰ এই সামৰণি অনুষ্ঠানত বঁটাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়। প্ৰায় অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত বিচাৰক হিচাপে উপস্থিত আছিল সূৰ্য গোস্বামী আৰু ৰাণু দাস বৈশ্য । প্ৰথম দিনা জিলিঙনিৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলিঙনিৰ সভাপতি ধৈৰ্য বৰুৱাই ।

