সভাই সমিতিয়ে উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰে কিন্তু উন্নয়ন বিকাশ হোৱাৰ ফটা ঢোল কোবাই আজি পৰ্যন্ত সমষ্টিটোৰ গ্ৰাম্য প্ৰধান অঞ্চলৰ কোনো অভাৱ সমস্যা নায়েই বুলি চিঞৰি ফুলজাৰি মৰা চৰকাৰখনৰ কিন্ত উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে এটা অঞ্চলে ৷
উন্নয়নৰ মাজতে আজিকোপতি যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিছে ঢকুৱাখনা মহকুমাৰ ভাটি কেকুঁৰি চেলাজান কছাৰী ৰংপুৰবাসীয়ে ৷ ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ কেকুঁৰি গাওঁ পঞ্চায়ত অন্তগত ভাটি কেকুঁৰি – চেলাজান কছাৰী সংযোগী চেলা চাৰিকড়ীয়া নদীৰ ওপৰে আজিও টুলুঙা নাওৱেৰে বিপদসংকুল যাতায়ত কৰিবলগীয়া হৈ আহিছে শিক্ষাৰ্থীৰ লগতে বহুকেইখন গাৱঁৰ ৰাইজ ৷
ঢকুৱাখনা মহকুমাৰ ঐতিহাসিক দৌল দেৱালয় সমুহৰ অন্যতম শ্ৰী শ্ৰী গৰখীয়া দৌল ও থানলৈ যোৱাৰ বাবেও একমাত্ৰ এই পথটোৱেই সুচল যদিও চেলাচাৰিকড়িয়া নদীৰ ওপৰত টুলুঙা নাওৱেৰেই যাতায়ত কৰিব লগা হোৱাত দৌল দৰ্শনাৰ্থী সকলেও দুৰ্ভোগ ভুগিব লগা হৈছে ৷
দেশে স্বাধীনতা লাভ কৰা ৭৫টা বছৰৰ পিছতো ৰাজ্যত ইখনৰ পিছত সিখনকৈ চৰকাৰে শাসন ভাৰ পৰিচালনা কৰাৰ পিছতো এক মাত্ৰ অনুন্নত যাতায়ত ব্যৱস্থা বাবেই অঞ্চলৰ কৃষক ৰাইজে নিজৰ কষ্টোপাৰ্জিত কৃষি শস্যৰ উপযুক্ত মূল্যৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ ৷ তদুপৰি ঢকুৱাখনা মহকুমাৰ ভিতৰতে একমাত্ৰ কেকুঁৰি অঞ্চলতে কৃষক ৰাইজে প্ৰচুৰ পৰিমাণে আলু ৰঙালাও উৎপাদন কৰি অভিলেখ সৃষ্টি কৰি আহিছে যদিও এনে অৰ্থকৰী সশ্যৰ বীজ সংৰক্ষণ কৰাৰ বাবে মহকুমাটোত এটা শীতল ঘৰ নথকাত এই পথেৰেই বান্দৰ দেৱা তেজপুৰ লগতে জিনজিয়া আদিলৈ প্ৰচুৰ শ্ৰম আৰু অতিৰিক্ত অৰ্থ ব্যয় কৰি অনা নিয়া কৰিব লগা হোৱাত কৃষক ৰাইজৰ দুখ কোলাই পাছিৰে নধৰা হৈছে ৷

যুগ যুগ ধৰি এই নাওখনকে যাতায়তৰ একমাত্ৰ পথ হিচাপে লৈ আজিকোপতি বোকা পানী খচি বহি অঞ্চলৰ লগত যোগাযোগ কৰিব লগা হোৱা অঞ্চলৰ ৰাইজে সেই স্থানত এখন স্বায়ী দলং নিৰ্মাণৰ দাবী জনাইছে ৷ ইপিনে ঢকুৱাখনা এজন জনপ্ৰতিনিধি আছে যদি কিন্তু তেওঁ কেৱল আশ্বাস প্ৰদান কৰিয়েই দ্বায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে ৷

